ETV Bharat / state

সাংবাদিকক প্ৰহাৰ কৰি ৰঙাঘৰৰ আলহী কনিষ্টবল - ৰাজেশ শুক্লবৈদ্য

সাংবাদিকক প্ৰহাৰ কৰি ৰঙাঘৰৰ আলহী হ'ল কনিষ্টবল ৰাজেশ শুক্লবৈদ্য ৷ অভিযোগ অনুসৰি এই ঘটনাৰ পাচতেই হাইলাকান্দি সদৰ থানাত সাংবাদিকজনৰ বিৰুদ্ধে ৰুজু কৰা হ'ল মিছা গোচৰ ৷

সাংবাদিকক প্ৰহাৰ কৰি ৰঙাঘৰৰ আলহী কনিষ্টবল
author img

By

Published : Jul 26, 2019, 7:08 PM IST

হাইলাকান্দি, 26 জুলাই : হাইলাকান্দি সদৰ থানাত সাংবাদিকৰ বিৰুদ্ধে মিছা গোচৰ ৰুজু ৷ কনিষ্টবল ৰাজেশ শুক্লবৈদ্যৰ বিৰুদ্ধে এই অভিযোগ ৷ দেওবাৰে নিশা সাংবাদিক ৰাজেশ দাসক প্ৰহাৰ কৰি ৰঙাঘৰৰ আলহী হৈছিল কনিষ্টবল ৰাজেশ শুক্লবৈদ্য ৷ পাচত ৰহস্যজনকভাৱে সাংবাদিক ৰাজেশ দাসে কনিষ্টবলগৰাকীক নিশা চৰকাৰী কৰ্ম সম্পাদনত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি হাইলাকান্দি সদৰ থানাত এটা গোচৰ ৰজু কৰে আৰক্ষী কনিষ্টবল ৰাজেশ শুক্লবৈদ্যই ।উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ সময়ত উক্ত স্থানত উপস্থিত আছিল ছয় জনকৈ চি আৰ পি এফ জোৱান ৷ আনহাতে আহত ৰাজেশ দাস বৰ্তমানেও চিকিৎসাধীন অবস্থাত আছে । লাঠিৰ আঘাতৰ বাবে তেওঁৰ বাঁও-কানখন সম্পূৰ্ণ ৰূপে ঘূণীয়া হয় । অৱশ্যে, আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনাৰ সঠিক তথ্য ৷

Intro:SLUG :: সাংবাদিকৰ উপৰত মিছা গোচৰ অত্য‍াচাৰকাৰী আৰক্ষীৰ।

Body:O/C :: এগৰাকী আৰক্ষী কনিষ্টবলে ঘোচ লোৱাৰ সংবাদ পৰিবেশন কৰাৰ বাবে নিৰ্মম আক্ৰমণৰ চিকাৰ হৈছিল হাইলাকান্দিৰ সাংবাদিক ৰাজেশ দাস। কেৱল আক্ৰমন নহয় এতিয়া পোহৰলৈ আহিছে এই আৰক্ষী কনিষ্টবল আন এক জঘন্য কাণ্ড। সাংবাদিক ৰাজেশ দাসৰ বিৰুদ্ধে হাইলাকান্দি সদৰ থানাত এখন মিছা গোচৰ ৰজু কৰিছে কনিষ্টবল ৰাজেশ শুক্লবৈদ্যয়।
Conclusion:
V/O :: জঘন্য প্ৰতিশোধ। আৰক্ষীৰ প্ৰতিশোধৰ বাবে আজীবনৰ বাবে এটা কানত বধিৰ সাংবাদিক। এতিয়া আহত সাংবাদিকৰ নামত মিছা গোচৰ আক্ৰমনকাৰী আৰক্ষী কনিষ্টবলৰ।
যোৱা দেৱবাৰ নিশা এটা অমানবিক ঘটনায় জোকাৰি গৈছিল হাইলাকান্দি জিলা সহ গোটেই ৰাজ্য। নিশাৰ এন্ধাৰৰ সুযোগপাই আৰক্ষী কনিষ্টবল ৰাজেশ শুক্লবৈদ্যয় ৫/৬ গৰাকী CRPF জোৱানৰ সম্মুখত গুৰুলা-গুৰুলিকৈ প্ৰহাৰ কৰিছিল সাংবাদিক ৰাজেশ দাসৰ উপৰত। ঘটনাৰ পিছদিনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰন কৰিছিলে কনিষ্টবল ৰাজেশ শুক্লবৈদ্যক। আহত ৰাজেশ দাস বৰ্তমানত চিকিৎসাধিন অবস্থাত আছে। লাঠিৰ আঘাত লগাৰ বাবে তেওঁৰ বাও-কান (left ear) সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্থ হৈছে। অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন বৃহৎ অৰ্থৰ।
ইপিনে এনে জঘন্য ভাবে আক্ৰমন কৰি ক্ষান্ত হোৱা নাই আৰক্ষী কনিষ্টবল ৰাজেশ শুক্লবৈদ্য। সাংবাদিক ৰাজেশ দাসে কনিষ্টবল গৰাকীক দেৱবাৰ নিশা চৰকাৰী কৰ্ম সম্পাদনত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি হাইলাকান্দি সদৰ আৰক্ষী চকি এখন গোচৰ ৰজু কৰিছে আৰক্ষী কনিষ্টবল ৰাজেশ শুক্লবৈদ্যয়। আৰক্ষীয়ে এইখন গোচৰ ৰেজিষ্টাৰ কৰি আৰম্ভ কৰিছে তদন্ত। কিন্তু এতিয়া প্ৰশ্ন হল ৬ গৰাকী CRPF লগত থকাৰ পিছতো এগৰাকী সাংবাদিকে কেনেকুৱা বাধা প্ৰদান কৰিব পাৰিলে আৰক্ষী কনিষ্টবলৰ কামত? আৰ যদি কৰিছে তেনে মাত্ৰ ১০০ মিটাৰ দুৰতে থকা থানাত কিও ৰিপোৰ্ট কৰা নাই কনিষ্টবল জনে? এয়া মাত্ৰ আইনক হাতিয়াৰ বনাই আইনৰ অপব্যবহাৰ মাত্ৰ। এইগৰাকী আইনৰ ৰক্ষকে অপৰাধ কৰি নিজকে ৰক্ষা কৰাৰ বাবে বৰ্তমানত এনেই অপব্যবহাৰ কৰিআছে আইনক। এতিয়া এই অপব্যবহাৰৰ উপৰত কি পদক্ষেপ লয় ন্যায়ালয়ে এয়াই লক্ষনীয়।

byte :: Rajesh Das, assaulted journalist
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.