হাইলাকান্দি, 12 অক্টোবৰ : হাইলাকান্দিত কংগ্ৰেছৰ দলীয় সভাত উত্তপ্ত পৰিস্থিতি । দুই ফৈদৰ সংঘাতত ৰণক্ষেত্ৰত পৰিণত সভাস্থল । অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা হাইলাকান্দি জিলা কংগ্ৰেছৰ তত্বাৱধায়ক গজেন্দ্ৰ প্ৰসাদ উপমন্যুৰ সম্মুখত কাজিয়া দুই ফৈদৰ ।
তথ্য অনুসৰি, হাইলাকান্দি জিলাৰ কুচিলা বজাৰত মধ্য হাইলাকান্দি বিধানসভাৰ চক্ৰভিত্তিক কৰ্মীসভাৰ আয়োজন কৰিছিল হাইলাকান্দি জিলা কংগ্ৰেছে । সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা হাইলাকান্দি জিলা কংগ্ৰেছৰ তত্বাৱধায়ক গজেন্দ্ৰ প্ৰসাদ উপমন্যু । লগতে, উপস্থিত আছিল জিলা কংগ্ৰেছৰ নেতাসকল ।
কিন্ত সভা চলি থকা অৱস্থাত হঠাৎ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । অভিযোগ অনুসৰি, স্থানীয় একাংশ কংগ্ৰেছ কৰ্মীয়ে কেইবাগৰাকী জিলা পৰ্যায়ৰ নেতাক মঞ্চত বহিবলৈ বাধা দিয়াৰ ফলতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । উল্লেখ্য যে, দলীয় কৰ্মীৰ দুটা ফৈদৰ এই সংঘাতত আহত হৈছে প্ৰীতম দাস নামৰ স্থানীয় এগৰাকী যুব কংগ্ৰেছ নেতা ।
লগতে পঢ়ক : উমৰাংচুত বেমাৰী গাহৰি মাংস খাই অসুস্থ গাঁওবাসী