ETV Bharat / state

পুলৱামা আক্ৰমণৰ বৰ্ষপূৰ্তি উপলক্ষে হাইলাকান্দিত জোৰ সমদল

author img

By

Published : Feb 14, 2020, 11:48 PM IST

পুলৱামা আক্ৰমণৰ প্ৰথমটো বৰ্ষপূৰ্তি উপলক্ষে হাইলাকান্দিত আয়োজন জোৰ সমদল ৷ এই সমদলত উপস্থিত থাকে বিভিন্ন দল-সংগঠনৰ লগতে চাৰি শতাধিক ৰাইজ ৷

পুলৱামা আক্ৰমণৰ বৰ্ষপূৰ্তি উপলক্ষ্যে সমদলৰ আয়োজন
হাইলাকান্দিত জোৰ সমদল

হাইলাকান্দি, 14 ফেব্ৰুৱাৰী : 2019 বৰ্ষৰ 14 ফেব্ৰুৱাৰীত সংঘটিত হোৱা পুলৱামা আক্ৰমণৰ প্ৰথমটো বৰ্ষপূৰ্তি উপলক্ষে হাইলাকান্দিত আয়োজন কৰা হয় এক জোৰ সমদল ৷ সন্ত্ৰাসবাদীৰ বৰ্বৰ কাণ্ডক ধিক্কাৰ দি দেশৰ হকে আত্মবলিদান দিয়া চিআৰপিএফৰ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি যাচি উলিওৱা এই সমদলত অংশগ্ৰহণ কৰে হাইলাক‍ান্দিৰ বিভিন্ন দল-সংগঠনৰ লগতে চাৰি শতাধিক ৰাইজে ৷

হাইলাকান্দিত জোৰ সমদল

হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত আয়োজিত এই সমদল জিলাখনৰ শ্বহীদ স্মাৰকস্থলীৰ পৰা আৰম্ভ কৰি পুনৰ একে স্থানতে অন্ত পৰে ৷ শ্বহীদ জোৱানসকলৰ স্মৃতিত মমবাতি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সন্ত্ৰাসবাদীক নিঃশেষ কৰাৰ বাবে দেশৰ জনতাই মাৰবান্ধি থিয় দিছে বুলি মন্তব্য কৰে আয়োজকসকলে ৷ আনহাতে, পাকিস্তানৰ উচটনিত জম্মু-কাশ্মীৰৰ এই ঘটনা সংঘটিত হোৱাৰ দাবী কৰাৰ লগতে সন্ধিয়া দেশৰ শ্বহীদ জোৱানৰ আত্মাৰ সদগতিৰে বন্তি প্ৰজ্বলিত কৰে আৰু 'পাকিস্তান হুচিয়াৰ' ধ্বনি দিয়ে ৷

আৰু পঢ়ক : গহপুৰৰ গোপাল শইকীয়াক জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.