হাইলাকান্দি , 14 এপ্ৰিল : "কয়লা চিণ্ডিকেটৰ টকাৰে নিৰ্বাচন খেলিছে বিজেপিয়ে ৷" প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপিৰ বিৰুদ্ধে এই চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে ৷ হাইলাকান্দিত এখন নিৰ্বাচনী সভাত অংশ লৈ এআইইউডিএফ আৰু বিজেপি দুয়োটা দলক আক্ৰমণৰ লক্ষ্য কৰি ৰকিবুল হুছেইনে এই মন্তব্য কৰে ৷
ইয়াৰোপৰি এআইইউডিএফ আৰু বিজেপিৰ বিধায়কে মিলি বৰাকত কয়লা, চুপাৰি আদি চিণ্ডিকেট চলাই আহিছে বুলি তেখেতে অভিযোগ কৰে ৷ আৰু এই চিণ্ডিকেটৰ পৰা অহা ধন দিছপুৰত যোৱাৰ পাচত এই টকা বিজেপি আৰু এআইইউডিএফৰ নেতা-মন্ত্ৰীয়ে ভাগ কৰি লয় বুলি গুৰুতৰ অভিযোগ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ ৷ ইপিনে ৰকিবুল হুছেইনৰ এনে মন্তব্যৰ প্ৰতিবাদত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাটলিছড়াৰ এআইইউডিএফৰ বিধায়ক সুজাম উদ্দিন লস্কৰে ৷ লস্কৰৰ অভিযোগ অনুসৰি কংগ্ৰেছ আৰু বিজেপিৰহে মিত্ৰতা আছে ৷ লগতে কয় যে কংগ্ৰেছৰ নেতা চিদ্দিক আহমেদ আৰু গৌতম ৰয়ে সংখ্যালঘু এলেকাত ভোটৰ প্ৰচাৰ চলাই মুছলমান ভোট বিভাজিত কৰি বিজেপি প্ৰাৰ্থী কৃপানাথ মালাহক জয়যুক্ত কৰাৰ পৰিকল্পনা কৰিছে । তদুপৰি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চিদ্দিক আহমেদ আৰু গৌতম ৰয়ে বিজেপিৰ হৈ কাম কৰিছে বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰে বিধায়ক গৰাকীয়ে ৷