ETV Bharat / state

হাইলাকান্দিত গ্ৰামোন্নয়ন বিভাগত দুৰ্নীতিৰ পাহাৰ গঢ়িছে বিভাগীয় অভিযন্তা পিনাক চন্দে

author img

By

Published : Oct 1, 2020, 3:52 PM IST

হাইলাকান্দি জিলাৰ গ্ৰামোন্নয়ন বিভাগত এটাৰ পাছত আন এটা বৃহৎ দুৰ্নীতি । দুৰ্নীতিৰ মূল নায়ক বিভাগীয় অভিযন্তা পিনাক চন্দ ।

হাইলাকান্দিত গ্ৰামোন্নয়ন বিভাগত দুৰ্নীতিৰ পাহাৰ গঢ়িছে বিভাগীয় অভিযন্তা পিনাক চন্দে
হাইলাকান্দিত গ্ৰামোন্নয়ন বিভাগত দুৰ্নীতিৰ পাহাৰ গঢ়িছে বিভাগীয় অভিযন্তা পিনাক চন্দে

হাইলাকান্দি, 1 অক্টোবৰ : হাইলাকান্দি জিলাৰ অন্তৰ্গত কাটলিছেড়া সমষ্টিৰ অন্তৰ্গত সোনাছড়া ৰূপাছড়া গাঁও পঞ্চায়তত 2017-2018 চনৰ 14 বিত্তীয় আয়োগৰ অধীনত পথ নিৰ্মাণৰ নামত বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ উক্ত গাঁও পঞ্চায়তত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে প্ৰায় 18 লাখ টকাৰ দুৰ্নীতি ।

সোনাছড়া ৰূপাছড়া গাঁৱৰ ৰাইজে এতিয়া এটা ৰাস্তাৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ৷ কাটলিছেড়া সমষ্টিত গ্ৰামোন্নয়ন বিভাগৰ অভিযন্তা পিনাক চন্দে যোৱা দহ বছৰৰ পৰা এনেদৰে দুৰ্নীতি সংঘটিত কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজে অসম চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে আৰু কাটলিছেড়া সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

দুৰ্নীতিৰ পাহাৰ গঢ়িছে বিভাগীয় অভিযন্তা পিনাক চন্দে

সোনাছড়া ৰূপাছড়া গাঁৱৰ ৰাইজে উন্নয়নৰ নামত অহা ধন লুটি খোৱা অভিযন্তা পিনাক চন্দৰ বদলি কৰিবৰ দাবী উত্থাপন কৰে ৷ লগতে পঞ্চায়তৰ সভাপতি পিন্টু কালিন্দীৰ ওপৰতো বিভাগীয় আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সংবাদ মাধ্যমৰ আগত জনায় । গাঁৱৰ ৰাইজৰ দুৰ্দশা দেখিও নেদেখাৰ ভাও ধৰিছে সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে ৷

ৰাইজৰ অভিযোগ অনুসৰি যোৱা চাৰিটা বছৰত কোনো ধৰণৰ উন্নয়নৰ কাম কৰা নাই বিধায়কগৰাকীয়ে । এইবাৰ 2021ৰ বিধানসভা নিৰ্বাচনত বিধায়কগৰাকীক উচিত প্রত্যুত্তৰ দিবলৈ সাজু হৈছে কাটলিছেড়া সমষ্টিৰ জনসাধাৰণ । ইপিনে গাঁৱৰ ৰাইজে সঠিকভাৱে ৰাস্তাৰ কাম আৰম্ভ কৰিবলৈ মাত্ৰ তিনি দিনৰ সময় সীমা বান্ধি দিছে আৰু নহ'লে ভয়ংকৰ আৰু তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ প্রদান কৰে ।

লগতে পঢক : বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা দিবন ডেকাক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.