ETV Bharat / state

স্বাধীনতাৰ 73 বছৰৰ পিছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁঁও - বিধায়কৰ প্ৰতিশ্ৰুতি

জৰাৰ্জীণ পথৰে যাতায়ত কৰি জমৰ যাতনা ভুগিব লগীয়া হৈছে গাঁওখনৰ ৰাইজে ৷ চৰকাৰে পথ নিৰ্মাণৰ বাবে টকা প্ৰদান কৰে কিন্তু কাম নোহোৱাৰ অভিযোগ উত্থাপন ৰাইজৰ ৷

BAD ROAD CONDITION hailakandi
স্বাধীনতাৰ 73 বছৰৰ পিছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁঁও
author img

By

Published : Sep 9, 2020, 7:02 PM IST

হাইলাকান্দি,9 ছেপ্তেম্বৰঃ উন্নয়নৰ মুখ নেদেখা এখন গাঁও, এই গাঁওখন আছে হাইলাকান্দি জিলাৰ কাঠলিছড়া সমষ্টিৰ কুকিছড়া জালনাছড়াত ৷ স্বাধীনতাৰ 73 বছৰৰ পিছতো আজিকোপতি গাঁওবাসীয়ে নাপালে প্ৰধান মন্ত্ৰী গ্ৰামীণ সড়ক যোজনাৰ এটা পথ ৷ যাৰ ফলত জৰাৰ্জীণ পথৰে যাতায়ত কৰি জমৰ যাতনা ভুগিব লগীয়া হৈছে গাঁওখনৰ ৰাইজে ৷ উল্লেখযোগ্য যে,নিৰ্বাচনৰ সময়ত বিভিন্ন দলৰ নেতা আহি গাঁওখনৰ ৰাইজক প্ৰতিবাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰে নিৰ্বাচন পাৰ হ'লেই সকলো ফুটুকাৰ ফেনত পৰিণত হয় ৷

স্বাধীনতাৰ 73 বছৰৰ পিছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁঁও

উল্লেখযোগ্য যে,বন বিভাগে বনাঞ্চল ধ্বংসকাৰী লোকৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ গাড়ীখন ঠেলি ঠেলি পথ পাৰ কৰিব লগা হৈছে তাৰ পৰাই অনুমান কৰিব পাৰি যে গাঁওখনৰ প্ৰকৃত উন্নয়ন কিমান হৈছে। গাঁওখনৰ ৰাইজৰ অভিযোগ পথ নিৰ্মাণৰ ভাৱে বহু টকা চৰকাৰে দিছে কিন্তু কাম নহয় সমষ্টিটোৰ এই পথছোৱাৰ । স্থানীয় বিধায়ক সুজাম উদ্দিন লস্কৰে বিগত নিবাৰ্চনত ৰাইজক প্ৰতিশ্ৰুতি দিছিল এই পথছোৱাৰ মেৰামতি কৰি দিয়াৰ কিন্তু বিধায়কৰ প্ৰতিশ্ৰুতি আজিলৈকে বাস্তৱত পৰিণত নহ'ল যাৰ বাবে ক্ষোভিত হৈ পৰিছে এই সকল গাঁৱৰ ৰাইজ। উপায়ন্তৰ হৈ ৰাইজে অতি শ্ৰীঘ্ৰেই এই পথছোৱাৰ মেৰামতি কৰি গাঁওখনৰ প্ৰায় ১০ হজাৰ লোকৰ যাতায়ত ব্যৱস্থা সুচল কৰি দিবলৈ দাবী জনাইছে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক কবিৰ উদ্দিল লস্কৰে কয় যে,নিৰ্বাচনৰ আগতে এই পথছোৱা মেৰামতি কৰি নিদিলে সমাগত নিৰ্বাচনত ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি চৰকাৰক সকিয়াই দিয়ে ৷

লগতে পঢ়কঃ বিকশিত অসমৰ নমুনাঃ 22 বছৰে নিৰ্মাণ নহ'ল এখন দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.