ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ সজাগতা অভিযান - সজাগতা সভা

অঞ্চলটো ড্ৰাগছমুক্ত কৰাৰ উদ্দেশ্যে কাটলিছৰা আৰক্ষী বিষয়াসকলে ১৮ জুনৰ পৰা আৰম্ভ কৰে এই সজাগতা অভিযান । আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ প্ৰচাৰ দিৱসৰ লগত সংগতি ৰাখি আৰক্ষী বিষয়া সকলে হাতত লয় এই পদক্ষেপ ।

etv bharat
author img

By

Published : Jun 20, 2019, 11:23 PM IST

হাইলাকান্দি, ২০ জুন: নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে হাইলাকান্দিত আৰক্ষীৰ সজাগতা অভিযান । ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা নিচাযুক্ত দ্ৰব্যৰ পৰা লোকসকলক মুক্ত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে হাইলাকান্দিৰ কাটলিছৰা আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকলে । উল্লেখ্য যে, ২৬ জুনৰ আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ প্ৰচাৰ দিৱসৰ (international Drug Abuse day & Illicit Trafficking) লগত সংগতি ৰাখি এই সজাগতা অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰে আৰক্ষী বিষয়াসকলে ।

ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ সজাগতা অভিযান

যোৱা ১৮ জুনৰ পৰাই কাটলিছৰা আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকলে আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন অঞ্চলত এইদৰে অভিযান চলাই আছে । অভিযানৰ জৰিয়তে উঠি অহা প্ৰজন্মৰ লগতে, অভিভাৱক সকলকো সজাগ কৰাৰ চেষ্টা কৰে বিষয়াসকলে । ইয়াৰোপৰিও, ড্ৰাগছ আসক্তিৰ পৰা মুক্ত হ'বলৈ উচ্চ শিক্ষা আৰু খেল-ধেমালীৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভতো সকলোৰে লগত আলোচনা কৰে আৰক্ষী বিষয়াসকলে । আৰক্ষী বিষয়াসকলে এনেদৰে সামাজিক ব্যাধিৰ পৰা সমাজখনক মুক্ত কৰিবলৈ হাতত লোৱা পদক্ষেপক প্ৰশংসা জনায় স্থানীয় লোকসকলে ।

Intro:SLUG:- international Drug Abuse day & Illicit Trafficking দিবস পালন কৰাৰ উদ্দেশ্যত হাইলাকান্দি জিলাৰ কাটলিছৰা থানাৰ সজাগতা সভা বিভিন্ন ঠাইত।Body:O/C :- অহা ২৬ জুন আন্তর্জাতিক ড্রাগ অপব্যবহাৰৰ, আৰু অবৈধ পাচাৰ দিবস পালনৰ ভাৱে যোৱা ১৮ জুনৰ পৰা কাটলিছৰা আৰক্ষী বিভিন্ন ঠাইত সজাগতা সভা অনুষ্টিত কৰে। সভাত ওসি নিৰ্মল চন্দ্ৰ বিশ্বাস কাটলিছৰা অঞ্চলৰ বিভিন্ন ঠাইত গাড়ি ৰখাই ৰাইজৰ উদ্দেশ্যত কয় যে আজিৰ দিনত কম বয়সৰ লৰা-চুৱালিয়ে যিভাৱে নেশাৰ প্ৰতি আসক্তি বাহিছে আমি কল্পনা কৰিবো নোৱাৰু। সেইকাৰনে আমাৰ গাঁও, জিলা, ৰাজ্যৰ প্ৰতিগৰাকি অভিভাবকে নিজৰ ঘৰৰ লৰা-চুৱালিক ধ্যান ৰাখিবো লাগে, কিয়নো আজিৰ নব প্ৰজন্ম কাইলৈৰ ভবিষ্যত্। ওসি আৰু কয় যে বেশিভাগ কাম নকৰা মানুষে নেশাৰ প্ৰতি আসক্ত হয়। তাৰকাৰনে উচ্চশিক্ষাৰ লগতে খেলধেমালিৰ বিশেষ প্ৰয়োজন আছে বুলি উল্লেখ কৰে। সভাত যোগদান কৰা প্ৰতিগৰাকি ৰাইজক ওসি বিশ্বাসে নিজৰ মোবাইল নাম্বাৰ দি, বিশেষ সুবিধাৰ ভাৱে সহায়ৰ আশ্বাস দিয়ে। কাটলিছৰাৰ সাধাৰণ ৰাইজে ওসি বিশ্বাসৰ কামৰ প্ৰশংসা কৰি ধন্যবাদ জ্ঞাপন কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.