হাইলাকান্দি,11 ফেব্ৰুৱাৰীঃ অসম-মিজোৰাম সীমা সমস্যাক লৈ পুনৰ উত্তপ্ত অসম-মিজোৰাম সীমান্তৱৰ্তী কচুৰতল অঞ্চল ৷ সীমা সমস্যা সমাধানৰ দাবীৰে বুধবাৰে বিভিন্ন দল-সংগঠনৰ শতাধিক কৰ্মীয়ে হাইলাকান্দিৰ কাটলিছেৰা ঘাৰমুড়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ বুধবাৰে পুৱাৰ পৰা বিভিন্ন দল-সংগঠনৰ কৰ্মীসকল একেলগ হৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছিল ৷
উল্লেখ্য যে, সীমান্ত অঞ্চলত বৰ্তমানলৈকে প্ৰায় 54 টাকৈ ঘৰ দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়া বুলি জানিব পৰা গৈছে ৷ দুষ্কৃতিকাৰীৰ এই কাৰ্যৰ পাছতে কচুৰতল অঞ্চলত এতিয়াও উত্তেজনা বিৰাজ কৰি আছে ৷ জানিব পৰা মতে, মঙলবাৰৰ পৰা প্ৰশাসনে উক্ত অঞ্চলৰ পৰা সকলো লোকক আঁতৰি যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী উক্ত অঞ্চলত মোতায়েন কৰাৰ পাছত অঞ্চলটোৰ পৰিস্থিতি বৰ্তমান কিছু নিয়ন্ত্ৰণলৈ আহিছে ৷
আনহাতে, মঙলবাৰে হাইলাকান্দি জিলা উপায়ুক্তক ঘটনাস্থলী পৰিদৰ্শন কৰাৰ বাবে স্থানীয় ৰাইজে আহ্বান জনাইছিল ৷ কিন্তু উপায়ুক্ত মেঘনিদি দাহাল উপস্থিত হোৱা নাছিল ঘটনাস্থলীত ৷ যাৰ ফলত ক্ষুব্ধ লোকে ঘাৰমুড়াৰ 154 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ক্ষতিগ্ৰস্ত অসমীয়া লোকৰ ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷
ৰাইজৰ প্ৰতিবাদত সেও মানি হাইলাকান্দি জিলা উপায়ুক্ত মেঘনিদি দাহাল আৰু দক্ষিণ অসম প্ৰান্তৰ ডিআইজি দিলীপ কুমাৰ দেৰ লগতে জিলা আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথ আৰু বহু প্ৰশাসনিক বিষয়া সীমান্তত উপস্থিত হয় ৷ দলটোৱে সীমান্তৰ শেহতীয়া পৰিস্থিতি পৰ্যবেক্ষণ কৰি, যিসকলৰ ঘৰ জুইত জাহ গৈছে তেওঁলোকৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা এক আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হ’ব বুলি জনাইছে ৷
লগতে পঢ়কঃ ভোট যুদ্ধত নামিবলৈ সাজু ১১ গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ সন্তান