ETV Bharat / state

হাইলাকান্দিৰ কাটলিছেৰাত মিজো দুৰ্বৃত্তই জ্বলালে অসমীয়া লোকৰ ঘৰ - অসম মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি

হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ কচুৰতল অঞ্চলত অসমীয়া লোকৰ ২০ টাকৈ ঘৰ জ্বলাই দিলে মিজো দুৰ্বত্তই । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে চেপা উত্তেজনা ৷

assam mizoram border conflict
হাইলাকান্দিৰ কাটলিছেৰাত মিজো দুৰ্বৃত্তই জ্বলালে অসমীয়া লোকৰ ঘৰ
author img

By

Published : Feb 9, 2021, 7:55 PM IST

Updated : Feb 9, 2021, 9:11 PM IST

হাইলাকান্দি,9 ফেব্ৰুৱাৰী: অসম-মিজোৰাম সীমান্তত পুণৰ উত্তপ্ত পৰিস্থিতি । হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ কচুৰতল অঞ্চলত অসমীয়া লোকৰ ২০ টাকৈ ঘৰ জ্বলাই দিলে মিজো দুৰ্বত্তই । বিগত কেইবাদিনো ধৰি অঞ্চলটোত প্ৰধানমন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনত পথ নিৰ্মাক লৈ স্থানীয় ৰাইজ আৰু মিজো লোকৰ মাজত সৃষ্টি হৈ আছিল সংঘাত ৷ অঞ্চলটোত পথ নিৰ্মানকলৈ মিজো সংগঠন আৰু আৰক্ষীৰ লোকে বাধা কৰি আহিছিল ৷

হাইলাকান্দিৰ কাটলিছেৰাত মিজো দুৰ্বৃত্তই জ্বলালে অসমীয়া লোকৰ ঘৰ

ইয়াৰ পৰিপ্ৰেক্ষিততে মঙলবাৰে সন্ধিয়া ৬ টা বজাত মিজো সংগঠন আৰু মিজো আৰক্ষীয়ে প্ৰায় ২০ টাকৈ অসমীয়া লোকৰ ঘৰ জ্বলাই দিয়ে ৷ এই ঘটনাকলৈ অঞ্চলজুৰি বিৰাজ কৰিছে চেপা উত্তেজনা । উল্লেখ্য যে, এই ঘটনাত তিনি জনকৈ লোক আহত হোৱা বুলি জানিব পৰা গৈছে ৷ আহত সকলক ততাতৈয়াকৈ কাটলিছেৰা প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । বৰ্তমানলৈকে ঘটনাস্থলীত হাইলাকান্দি জিলা প্ৰশাসনৰ কোন লোক উপস্থিত হোৱা নাই ৷

লগতে পঢ়ক-নগাঁৱত ব্ৰাউন চুগাৰসহ আটক সৰবৰাহকাৰী

Last Updated : Feb 9, 2021, 9:11 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.