ETV Bharat / state

বৰাক উপত্যাকত ১২ ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ - বৰাক উপত্যকা

সদৌ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি ছাত্র সংগঠনে আহ্বান কৰা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে বৰাক উপত্যাকত। অসমত মিজোৰাম আগ্ৰাসনৰ প্ৰতিবাদ জনাই ১২ ঘণ্টীয়া বৰাক উপত্যকা বন্ধৰ আহ্বান ACKHSAৰ।

বৰাক উপত্যাকত ১২ ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

author img

By

Published : Nov 7, 2020, 7:17 PM IST

হাইলাকান্দি, ৭ নৱেম্বৰ: বৰাক উপত্যকাত সদৌ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি ছাত্র সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। মিজোৰামৰ আগ্ৰাসনৰ বিৰোধিতা আৰু ৰাজ্য চৰকাৰৰ ভূমিকাত ক্ষুদ্ধ হৈ শনিবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে বন্ধৰ আহ্বান জনাইছিল ACKHSAই । বন্ধৰ ফলত পুৱাৰে পৰা দোকান-পোহাৰ বন্ধ হৈ থাকে। যানবহন চলাচলো ব্যাহত হৈ পৰে ।

বৰাক উপত্যাকত ১২ ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
বৰাক উপত্যাকত ১২ ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

১২ ঘণ্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয় বৰাক উপত্যকাত। আনহাতে, হাইলাকান্দিৰ কেইবাটাও স্থানত যানবাহন চলাচলত বাধা আৰোপ কৰে বন্ধ সমৰ্থকে । আলগাপুৰসহ বিভিন্ন ঠাইত দোকান-পোহাৰো বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয় । এতিয়ালৈকে হ‍াইলাকান্দি জিলা আৰক্ষীয়ে ২৫ জন বন্ধ সমর্থকক আটক কৰিছে বুলি জানিবলৈ দিছে। আনহাতে, ১২ ঘন্টীয়া বৰাক বন্ধৰ আহ্বানৰ প্ৰতি সঁহৰি জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে শনিবাৰে কাটলিছেড়া সমষ্টিৰ কৃষণপুৰ ৰেল ষ্টেচনৰ ৰে'লপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ACKHSAৰ বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আন কেইবাটাও সংস্থাই । বন্ধ সমৰ্থকে বহু ঠাইত পথ অৱৰোধ কৰে। শীঘ্ৰে বৰাক উপত্যাকাৰ কৰিমগঞ্জ, কাছাৰ আৰু হাইলাকান্দি জিলাৰ সীমান্ত সমস্যা সমাধান কৰাৰ দাবী জনায় । এই দাবী পূৰণ নকৰিলে অনিৰ্দিষ্টকালীন ভাৱে ৰে'লপথ অৱৰোধৰো হুংকাৰ দিয়ে সংগঠনৰ নেতা-কৰ্মীয়ে।

লগতে পঢ়ক:12 ঘন্টীয়া বৰাক বন্ধৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.