হাইলাকান্দি, 30 নৱেম্বৰ: নিলাম হ’ব কাছাৰ আৰু নগাঁও কাগজ কল ! নিলাম কৰা হ’ব কল দুটাৰ ৩,০০০ একৰ ভূমিৰ লগতে সকলো যন্ত্ৰপাতি ৷ কাগজকল নিলামৰ এই বাতৰিয়ে জোকাৰণিৰ সৃষ্টি কৰিছে ৰাজ্যখনত। আনহাতে ৰাষ্ট্ৰীয় কোম্পানী আইন প্ৰাধিকৰণৰ এনে গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ চাৰিওফালে বলিছে প্ৰতিবাদৰ ধুমুহা ৷ এই সন্দৰ্ভত এমাহৰ ভিতৰত আপত্তি দাখিল কৰিবলৈ ন্যায়াধীকৰণে সময়সীমা বান্ধি দিছিল চৰকাৰক ৷ কিন্তু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে এই বিষয়ত কোন আপত্তি প্ৰদৰ্শন নকৰাৰ বাবে অৱশেষত নিলামৰ দিশে অগ্ৰসৰ হৈছে কাগজকল দুটা ৷
চৰকাৰৰ এনে সিদ্ধান্তৰ প্ৰতিবাদত গৰজি উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা কাগজকলৰ কৰ্মীসকল ৷ শনিবাৰে কাগজকল কৰ্মী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি বৰাকৰ পাঁচগ্ৰামত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ নিলামৰ পৰিৱৰ্তে বন্ধ হৈ থকা কাগজকল দুটা অতি সোনকালেই খোলাৰ দাবী জনাই প্ৰতিবাদকাৰী সকলে ৷
উল্লেখ্য যে কিছুদিন পূৰ্বে নগাঁও কাগজ কলৰ এগৰাকী বিষয়া পৰ্যায়ৰ কৰ্মচাৰীয়ে আত্মহত্যা কৰাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক সংবাদ মেলত কাগজ কল দুটা উদ্ধাৰ কৰিবলৈ ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল। কিন্তু তথ্য অনুসৰি, এতিয়া এই প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ সকলো সময় সমাপ্ত হৈছে ৷ এই সিদ্ধান্তৰ বাবে এতিয়া কৰ্ম সংস্থাপন হেৰুৱাব প্ৰায় ২ লাখ লোকে ৷
লগতে পঢ়কঃ"স্বৰাজোত্তৰ অসম 1947-2019"- বিতৰ্কত সাংবাদিক মৃণাল তালুকদাৰ