ETV Bharat / state

হাইলাকান্দিত পথ দুৰ্ঘটনাত মৃত্যু ছাত্ৰীৰ

পথ দুৰ্ঘটনাত মৃত্যু হোৱাক কেন্দ্ৰ কৰি হাইলাকান্দিত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ।

হাইলাকান্দিত পথ দুৰ্ঘটনাত মৃত্যু ছাত্ৰীৰ
হাইলাকান্দিত পথ দুৰ্ঘটনাত মৃত্যু ছাত্ৰীৰ
author img

By

Published : Feb 12, 2021, 5:06 PM IST

হাইলাকান্দি, ১২ ফেব্ৰুৱাৰী: শুকুৰবাৰে হাইলাকান্দিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ ১৫৪ নং ৰাষ্টীয় ঘাইপথৰ কাঁকনাৰপাৰত সংঘটিত এই পথ দুৰ্ঘটনাত নিহত স্কুলীয়া ছাত্ৰী । নিহত ছাত্ৰীগৰাকীৰ নাম পাৰবিন চুলতানা বুলি জানিব পৰা গৈছে ।

ঘটনা অনুসৰি, পাৰবিন চুলতানাই ঘৰৰ পৰা পুৱা ৯ বজাতে বিদ্যালয়লৈ বুলি ওলোৱাত পিছফালৰ পৰা প্ৰচণ্ড জোৰে আহি থকা এখন নম্বৰবিহীন চাৰিচকীয়া বাহনে মহতিয়াই নিয়ে পাৰবিনক । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচতে স্থানীয় লোকে ৰাষ্টীয় ঘাইপথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

ইফালে হাইলাকান্দি কচুৰতলত অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন কৰি শিলচৰ অভিমুখে যোৱা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাই পথত বাহন ৰখাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰি দোষীয়ে উচিত শাস্তি পাব বুলি আশ্বাস প্ৰদান কৰে । হাইলাকান্দি জিলা প্ৰশাসনে অতি সোনকালে পথ দুৰ্ঘটনাত মৃত্যু হোৱ ছাত্ৰী পাৰবিন চুলতানাৰ পৰিয়ালক চৰকাৰৰ ফালৰ ১৫ লাখ টকা দিয়াৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:নাজিৰাত বান্দৰৰ পোৱালিক দুগ্ধপান কৰাই লালন-পালন কৰিছে এজনী কুকুৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.