ETV Bharat / state

বকেয়া দৰমহা মুকলিৰ দাবীত আধাৰ কাৰ্ড কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Feb 12, 2021, 9:41 AM IST

বৃহস্পতিবাৰে হাইলাকান্দিত আধাৰ কাৰ্ডৰ কামত নিয়োজিত অস্থায়ী কৰ্মচাৰী সকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত প্ৰাপ্য ধন বিচাৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰাপ্য দৰমহা প্ৰদান নকৰা পৰ্যন্ত আগন্তুক 15 ফেব্ৰুৱাৰী পৰা হাইলাকান্দি সকলো আধাৰ কাৰ্ড কেন্দ্ৰ বন্ধ ৰখাৰ হুংকাৰ প্ৰদান কৰিছে কৰ্মচাৰীসকলে ৷

বকেয়া দৰমহা মুকলিৰ দাবীত আধাৰ কাৰ্ড কৰ্মীৰ প্ৰতিবাদ
বকেয়া দৰমহা মুকলিৰ দাবীত আধাৰ কাৰ্ড কৰ্মীৰ প্ৰতিবাদ

হাইলাকান্দি, 12 ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে হাইলাকান্দিত আধাৰ কাৰ্ডৰ কামত নিয়োজিত অস্থায়ী কৰ্মচাৰী সকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । বকেয়া দৰমাহ মুকলিৰ দাবীত পাৰিজা এন্টাৰপ্ৰাইজৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ বকেয়া ধন প্ৰদান নকৰালৈকে আধাৰ কাৰ্ড কেন্দ্ৰত সম্পূৰ্ণৰূপে কাম স্থগিত ৰখাৰ সকিয়নী প্ৰদান কৰে আধাৰ কাৰ্ডৰ কৰ্মচাৰী সকলে ৷

উল্লেখ্য যে, বিগত প্ৰায় ২ বছৰ ধৰি মাহেকীয়া দৰমহা পৰা বঞ্চিত হৈ আহিছে হাইলাকান্দিৰ বিভিন্ন আধাৰ কাৰ্ড কেন্দ্ৰৰ অস্থায়ী কৰ্মচাৰী সকল । ‘‘Parizah Enterprise’’ নামৰ এটা বে-চৰকাৰী সংস্থাই হাইলাকান্দি জিলাত চৰকাৰী ভাৱে আধাৰ কাৰ্ড কেন্দ্ৰ সমূহত আধাৰ কাৰ্ড বনোৱাৰ অনুমোদন লাভ কৰিছিল ৷

কিন্তু পৰিতাপৰ বিষয় যে, এই আধাৰ কাৰ্ড কেন্দ্ৰ সমূহত বিগত প্ৰায় 2 বছৰ ধৰি কম্পিউটাৰ অপাৰেটৰ হিচাপে নিয়োজিত হৈ থকাৰ স্বত্বেও বৰ্তমানলৈকে পোৱা নাই এটকাও দৰমহা ৷ ফলত উপায়ন্তৰ হৈ এই কৰ্মচাৰী সকলে নিজৰ প্ৰাপ্য বিচাৰি বহিল প্ৰতিবাদত ৷

উল্লেখ্য যে, আধাৰ কাৰ্ড কেন্দ্ৰৰ অস্থায়ী কৰ্মচাৰী সকলে বহু চাপৰ বোজা মূৰত লৈ নিজ কৰ্মত নিয়োজিত হৈ থাকে ৷ কিন্তু কষ্টৰ ফল লাভ নকৰা ক্ষুভিত হৈ পৰিছে এইসকল কৰ্মচাৰী ৷

ফলত উপায়ন্তৰ হৈ আন্দোলনৰ পথ বাচি লৈছে এই সকল কৰ্মচাৰীয়ে ৷ আনকি প্ৰাপ্য দৰমহা প্ৰদান নকৰা পৰ্যন্ত আগন্তুক 15 ফেব্ৰুৱাৰী পৰা হাইলাকান্দি সকলো আধাৰ কাৰ্ড কেন্দ্ৰ বন্ধ ৰখাৰ হুংকাৰ প্ৰদান কৰিছে কৰ্মচাৰীসকলে ৷

লগতে পঢ়কঃ সৰভোগত 170 কোটি টকাৰ কামৰ শুভাৰম্ভণিৰে 21ৰ ৰণডংকা বজালে হিমন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.