সৰুপথাৰ,১১ জুন : সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত সমষ্টিটোৰ বিভিন্ন স্থানত চেনিটাইজেচনৰ ব্যৱস্থা কৰা হয় । বিধায়কগৰাকীৰ পৰামৰ্শ অনুসৰি বৰপথাৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতি ৰিতুল গগৈৰ নেতৃত্বত শেহতীয়াকৈ ক'ভিড(covid) সংক্ৰমিত অঞ্চলসমূহত চেনিটাইজেচন(sanitization) কৰাৰ উপৰিও আক্ৰান্ত পৰিয়ালসমূহৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ।
এই কাৰ্যসূচী অনুসৰি গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ ৰতনপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত যোৰহটীয়া গাঁৱৰ পৰিয়ালসমূহৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে অঞ্চলটোত থকা ৰাজহুৱা স্থান পেট্ৰ’ল পাম্প,দোকান আদি স্থানত চেনিটাইজেচন কৰা হয় ।
লগতে পঢ়ক:ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা