ETV Bharat / state

থলুৱা ফুল,ফল-মূলৰ নামত জীৱন উচৰ্গা কৰা এজন ব্যক্তি ! - থলুৱা ফুল,ফল-মূলৰ নামত জীৱন উচৰ্গা কৰা এজন ব্যক্তি !

আপুনি বাৰু এই লক ডাউনৰ মাজত কেনেকৈ সময় অতিবাহিত কৰিছিল । বিশ্ব পৰিৱেশ দিৱসৰ দিনাই আমি আজি কম এনে এজন লোকৰ কথা যিয়ে অসমৰ থলুৱা ফুল,ফল-মূল সংৰক্ষণৰ নামত উচৰ্গা কৰিলে নিজৰ সম্পূৰ্ণ জীৱন ।

World Environment day Special a true Nature lover Mr.Khagen Baruah

author img

By

Published : Jun 5, 2020, 8:11 PM IST

গোলাঘাট, 5 জুনঃ গোলাঘাট নুমলীগড় তৰুণ নগৰৰ এজন লোকৰ ব্যতিক্ৰমী প্ৰচেষ্টা । অসমৰ থলুৱা ফুল,ফল-মূল সংৰক্ষণৰ নামত উচৰ্গা কৰিলে নিজৰ সম্পূৰ্ণ জীৱন । কেৱল মানুহৰ বাবেই নহয় জীৱকূল আৰু চৰাই-চিৰিকটিৰ বাবেও উপযোগী গছ গছনি ৰোপণৰ লগতে সংৰক্ষণ কৰি আহিছে লোকজনে ।

প্ৰকৃত প্ৰকৃতি প্ৰেমী খগেন বৰুৱা

5 জুন অৰ্থাৎ আজি পালন কৰা হ'ল বিশ্ব পৰিৱেশ দিৱস । কিন্তু পৰিৱেশ সংৰক্ষণৰ বাবে কেৱল এটা দিনেই হ'ব পাৰে জানো ? সেই কথাকে ভুল প্ৰতিপন্ন কৰি গোলাঘাট নুমলীগড়ৰ তৰুণ নগৰৰ খগেন বৰুৱা নামৰ লোকজনে অসমৰ ভিন্নজাতীয় থলুৱা ফুল,ফল-মূল গছ ৰোপণৰ লগতে সেই সমূহ সযতনে কৰি আহিছে সংৰক্ষণ ।

দীৰ্ঘদিনৰ পৰাই খগেন বৰুৱা নামৰ লোকজনে অসমৰ বিভিন্ন জাতীয় ফুল আৰু ফল মূলৰ গছ সংৰক্ষণ,ৰোপণেৰে গঢ়ি আহিছে এখন সেউজী ধৰা । তেওঁৰ বাৰীত ভৰি আছে ভিন্ন ফুল,ফল-মূল গছ-গছনি ।

দেশজুৰি চলা লক ডাউনৰ সময়তো আন দিনৰ দৰে লোকজন ব্যস্ত আছিল নিজ বাৰীত । চহা অসমীয়াৰ অতীজৰ পৰা থকা বাৰীখনত সকলো গছ-গছনিৰে ভৰপূৰ এখন বাৰী তৈয়াৰ কৰাত ব্যস্ত লোকজন । ইয়াৰ লগতে অসমত থকা বিভিন্ন জাতৰ ফুল আৰু ফল মূলৰ গছ পুলি তৈয়াৰ কৰি কাষত থকা বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান আৰু বনাঞ্চল সমূহতো ৰোপণ কৰি আহিছে বৰুৱাই ।

বিশেষকৈ থলুৱা প্ৰজাতিৰ আম,কঠাল,পনিয়ল,বিভিন্ন জাতৰ বগৰী,টেপৰটেঙা,শিলিখা,নেমুটেঙা আদিৰ লগতে অতীততে অসমৰ বাৰীত উপলব্ধ বিভিন্নজাত শাক-পাচলিৰ সংৰক্ষণ হৈছে তেওঁৰ মূল লক্ষ্য ।

লগতে চাওকঃ এএমচিৰ কৰ্কট চিকিৎসালয়ত কেম' সেৱা মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.