গোলাঘাট, ১ জুনঃ গোলাঘাট নগৰৰ সমীপৰ নৰাগাঁও মাধৱনগৰৰ এটা পথক লৈ যমৰ-যাতনা ভুগিব লগা হৈছে অঞ্চলবাসীয়ে। বেঙেনাখোৱা পঞ্চায়তৰ অধীনৰ পথটোৰ কদৰ্যময় ৰূপ লোৱাত দীৰ্ঘদিনৰ পৰা দুৰ্ভোগ ভুগিবলগা হৈছে গাঁওবাসীয়ে ।
![গোলাঘাট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-802-1june-roadconstructedbypublic-vis-byte-7205572_01062020164428_0106f_1591010068_217.png)
গোলাঘাট বিধানসভা সমষ্টিৰ বিধায়িকা অজন্তা নেওগৰ বাসগৃহৰ সমীপতে থকা পথটো বিগত ৫ বছৰ ধৰি নিৰ্মাণ নকৰাত বোকাময় পথাৰ সদৃশ ৰূপ লৈছে ৷ চৰকাৰ,স্থানীয় প্ৰতিনিধিক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ সুফল লাভ নকৰিলে স্থানীয় ৰাইজে। যাৰ বাবে অৱশেষত ৰাইজে একত্ৰিত হৈ নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে পথছোৱা ।
![গোলাঘাট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-802-1june-roadconstructedbypublic-vis-byte-7205572_01062020164428_0106f_1591010068_4.png)
স্থানীয়লোক পুৰুষ-মহিলাই সকলে যেনেদৰে পাৰে অৰ্থিক অনুদান আগবঢ়াই নিজেই নামি পৰিল পথছোৱা মেৰামতিৰ কামত ।
লগতে চাওকঃ কৰ'ণা আৰু কাৱাছাকী ভাইৰাছক পৰাস্ত কৰিলে ৪ মহীয়া শিশুৱে