বোকাখাত, 7 ছেপ্টেম্বৰ: বোকাখাতৰ ডিফলু নৈত অঘটন ৷ ডিফলু নৈৰ ওলমা দলং পাৰ হোৱাৰ সময়তে নদীত পৰি এগৰাকী মহিলা সন্ধানহীন (Woman washed away while crossing Difloo river) ৷ মহিলাগৰাকীৰ নাম ভাৰতী ভুমিজ ওৰফে ববিতা ভূমিজ (৩২) বুলি জানিব পৰা গৈছে ৷
ঘটনাৰ বিৱৰণ অনুসৰি, ছয়গৰাকী মহিলা একেলগে ডিফলু নৈ পাৰ হৈ চাহ বাগিছাত পাত তুলিবলৈ গৈছিল ৷ তাৰ পৰা উভটি অহাৰ সময়তে এই কৰুণ ঘটনাটো সংঘটিত হয় ৷ পিছে নিয়তিয়ে যেন খেদি ফুৰিছিল মহিলাকেইগৰাকীক ৷ ডিফলু নৈৰ ওলমা দলং খন পাৰ হোৱাৰ সময়তেই নৈত পৰিল আটাইকেইগৰাকী মহিলা ৷ যদিও সৌভাগ্যক্ৰমে, পিণ্টু তাঁতী নামৰ এজন যুৱকে উদ্ধাৰ কৰিলে 5 গৰাকী মহিলাক ৷
পিছে তাৰ মাজৰ ববিতা নামৰ মহিলা গৰাকীক উদ্ধাৰ কৰিব পৰা নগ'ল ৷ ইতিমধ্যে আৰক্ষীকে ধৰি SDRF ৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে অভিযান (Difloo river in Golaghat) ৷
লগতে পঢ়ক: BREAKING NEWS: গোৰেশ্বৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন