গোলাঘাট,14 অক্টোবৰঃ শেহতীয়াকৈ ৰাজ্যত SI কেলেংকাৰীয়ে গৃহ বিভাগৰ লগতে সমগ্ৰ ৰাজ্যত লাগি আছে তুলপাৰ ৷ তাৰমাজতে আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ দেৰগাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা। অসম আৰক্ষীৰ বিভিন্ন পদত নিযুক্তি লাভ কৰা লোকসকলক প্ৰশিক্ষণেৰে য'ত আৰক্ষীৰ আদিপাঠ দিয়া হয় সেই আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়তে সংঘটিত হৈছে এক অনাকাংক্ষিত নিৰ্লজ্জ ঘটনা।
![woman police rape alligataions at dergaon APTC CDI OFFICER](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-802-14oct-womanpolicerape-vis-byte-as10024_14102020140901_1410f_1602664741_290.jpg)
দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় APTC ত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা এগৰাকী মহিলা আৰক্ষী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ কেন্দ্ৰৰ এগৰাকী জেষ্ঠ বিষয়া তথা CDI য়ে যৌন নিৰ্যাতন চলোৱাৰ গুৰুত্বৰ অভিযোগ উঠিছে। স্বয়ং আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰতে এগৰাকী বিবাহিত প্ৰশিক্ষাৰ্থীক উচ্চ পৰ্য্যায়ৰ আৰক্ষীয়ে ধৰ্ষণ কৰাৰ ঘটনাই আৰক্ষী নগৰীৰূপে পৰিচিত দেৰগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । সমগ্ৰ ঘটনাক লৈ এতিয়া সবত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। চাঞ্চল্যকৰ ঘটনাটোৰ সৰ্ন্দভত জানিব পৰা মতে, দেৰগাঁৱৰ APTC ৰ CDI বচন সিঙে দুই অক্টোবৰৰ পুৱা প্ৰায় সাত মান বজাত মহিলা প্ৰশিক্ষাৰ্থী গৰাকীক কোনো নথকাৰ সুযোগ লৈ তেখেতৰ কাৰ্যালয়লৈ মাতি নি ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে।
ইপিনে ধৰ্ষণৰ বলি মহিলা প্ৰশিক্ষাৰ্থী গৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি ঘটে । ইয়াৰ পিছতেই আৰক্ষী বিষয়াগৰাকীয়ে ধৰা নপৰাৰ বুদ্ধিৰে চুটি দি গুৱাহাটীস্থ নিজ ঘৰলৈ পঠাই দিয়ে বিষয়াগৰাকীৰ অসৎ কামনাৰ বলি হোৱা মহিলা প্ৰশিক্ষাৰ্থী গৰাকীক ৷ ইয়াৰ পিছতে মহিলা প্ৰশিক্ষাৰ্থী গৰাকীয়ে স্বামীক সকলো বিৱৰি কোৱাত তেওঁক গুৱাহাটীত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰোৱাৰ লগতে কাষ চাপে জ্যেষ্ঠ আৰক্ষী বিষয়াৰ ।
শেহতীয়াকৈ নিৰ্যাতিতা মহিলা আৰু স্বামীয়ে দেৰগাঁও আৰক্ষী থানা আৰু গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ কাষ চাপি ঘটনাৰ সবিশেষ উল্লেখ কৰি দোষীক উপযুক্ত শাষ্টিৰ দাবী তুলিছে। ইতিমধ্যে নিৰ্যাতিতাই আদালতত তেখেতৰ বক্তব্য প্ৰদান কৰিছে ৷ ইফালে দেৰগাঁও আৰক্ষীয়ে অভিযুক্ত বিষয়া গৰাকীক তদন্তৰ বাবে থানালৈ নি সোধপোচ অৱ্যাহত ৰাখিছে । আৰক্ষী সুত্ৰে জানিব পৰা মতে, দেৰগাঁও আৰক্ষী থানাত অভিযুক্ত জেষ্ঠ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে 213/2020 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 354a/506/323/376 ধাৰাত এক গোচৰ ৰজু হৈছে ।
লগতে পঢ়কঃ বিধায়কসহ ১৫ গৰাকী নেতাক বহিষ্কাৰ কৰিলে জেডিইউৰ নেতা নিতীশ কুমাৰে