গোলাঘাট, 7 মে': এক গোপন সুত্ৰৰ পম খেদি অভিয়ান চলাই আৰক্ষীয়ে গোলাঘাট জিলাৰ বৰপথাৰৰ গেলাবিলত এখন সুৰাভৰ্তি অৰুণাচলী 709 ট্ৰাক জব্দ কৰে ৷ উল্লেখযোগ্য যে, লক ডাউনৰ সুবিধা লৈ একাংশ দুষ্ট চক্ৰই মেৰাপানীৰ পৰা ধনশিৰি মহকুমা হৈ নাগালেণ্ডলৈ সুৰাখিনি সৰবৰাহ কৰিবলৈ লওতেই পূৰ্বৰে পৰা গেলাবিলত খাপ পিটি থকা বৰপথাৰ আৰক্ষীয়ে জব্দ কৰে সুৰাভৰ্তি ট্ৰাকখন ৷ জব্দকৃত 709 ট্ৰাকখনৰ নম্বৰ AS 12 E 7471 ৷
আজি পুৱতি নিশা বৰপথাৰ থানাৰ আৰক্ষী বিষয়া জোচেফ কেবমৰ নেতৃত্বত জব্দ হয় সুৰাখিনি ৷ আনহাতে নতুন নতুন কৌশল অৱলম্বন কৰা দেখা গৈছে অবৈধ সুৰা সৰবৰাহকাৰী চক্ৰটোক ৷ জব্দ কৰা ট্ৰাকৰ গোপন চেম্বাৰত প্ৰায় ৭০ কাৰ্টন সুৰা কঢ়িয়াই আনিছিল ৷ ইপিনে, আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কাকো এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই ৷ ইফালে, লক ডাউনৰ মাজতো সংঘটিত এনে ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৱে ।