ETV Bharat / state

বিদ্যুৎ পৰিবাহী তাঁৰত লাগি হাতীৰ কৰুণ মৃত্যু - হাতী মানুহৰ সংঘাত

খাদ্যৰ সন্ধানত গোলাঘাটৰ মিৰিপথাৰ অঞ্চলত বন্য হস্তীৰ এটা জাকে প্ৰৱেশ কৰি অঞ্চলটোত উপদ্ৰৱ সৃষ্টি কৰাৰ পাছত বৃহস্পতিবাৰে পুৱা বিজুলী বনাঞ্চললৈ যোৱাৰ পথত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এটা বন্য হস্তীৰ মৃত্যু হয় ৷

গোলাঘাটত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি হাতীৰ কৰুণ মৃত্যু
author img

By

Published : Sep 12, 2019, 4:35 PM IST

গোলাঘাট, 12 চেপ্তেম্বৰঃ গোলাঘাটত হাতী মানুহৰ সংঘাতৰ কৰুণ পৰিণতি । বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যু এটা বন্যহস্তীৰ । বুধবাৰে নিশা খাদ্যৰ সন্ধানত গোলাঘাটৰ মিৰিপথাৰ অঞ্চলত বন্য হস্তীৰ এটা জাকে প্ৰৱেশ কৰি অঞ্চলটোত উপদ্ৰৱ সৃষ্টি কৰাৰ পাছত বৃহস্পতিবাৰে পুৱা বিজুলী বনাঞ্চললৈ যোৱাৰ পথত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এটা বন্য হস্তীৰ মৃত্যু হয় ৷ হাতীটোৰ মৃত্যুৰ বাবে স্থানীয় ৰাইজে বন বিভাগ আৰু শক্তি বিভাগক জগৰীয়া কৰিছে ৷ কিয়নো কিছু দিন পূৰ্বেও অঞ্চলটোত বিদ্যৎ পৰিবাহী তাঁৰত লাগি কেইবাটাও বন্যহস্তীৰ মৃত্যু হোৱাৰ পাছতো বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল যাৰ বাবে পুনৰ অনুৰূপ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

Intro:গোলাঘাট ত হাতী মানুহৰ সংঘাতৰ কৰুণ পৰিণতি । বিদ্যুত পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যু এটা বন্য হস্তীৰ ।
Body:গোলাঘাট জিলাত হাতী মানুহৰ সংঘাতৰ কৰুণ পৰিণতি । যোৱা নিশা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীৰ জাকে গোলাঘাট মিৰিপথাৰ অঞ্চলত ওৰে নিশা উপদ্ৰৱ চলাই খেতি পথাৰ অনিষ্ট কৰে আৰু হাতীৰ জাকটো পুৱতি নিশা বিজুলী বনাঞ্চলৈ যোৱাৰ অৱস্থাতে মিৰিপথাৰ অঞ্চলত বিদ্যুত পৰিবাহী তাৰ ত লাগি কৰুণ মৃত্যু ঘটে । স্থানীয় লোকসকলে এই কৰুণ ঘটনাৰ বাবে বন বিভাগ আৰু বিদ্যুৎ বিভাগ জগৰীয়া কৰিছে। কাৰণ পূৰ্বেও বহু কেইটা বন্য হস্তীয়ে এনেদৰে বিদ্যুত ৰ তাৰত লাগি কৰুণ মৃত্যুক সাৱতি লৈছে । ইফালে আজি কেইবাদিনৰ পৰা পোৱালী সহ ৭০-৮০ জনীয়া হাতীৰ জাকে গোলাঘাটৰ বিভিন্ন অঞ্চলত দিনে নিশাই ত্ৰাস ৰ সৃষ্টি কৰি আহিছে । বৰ্তমানেও হাতীৰ জাকটোৱে কাষতে থকা এখন চাহ বাগিচাত অৱস্থান কৰি আছে ।Conclusion:Byte 1 : বন বিষয়া
Byte 2 : স্থানীয়লোক
গোলাঘাট পৰা চামিম আলি ,etv Bharat , অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.