গোলাঘাট, 18 জুলাই : গোলাঘাটৰ শ্ৰীমন্ত নগৰত দেওবাৰে জুৱা খেল (Gambling)ক লৈ তিনি যুৱকৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিট ৷ জুৱা খেল খেলি থকা অৱস্থাত তিনি বন্ধুৰ মাজত কথাৰ কটাকটি হোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পাচতে বন্ধু তিনিজনৰ ইজনে আনজনক মাৰপিট কৰে ৷ শ্ৰীমন্ত নগৰৰ এটা পৰিত্যক্ত ঘৰত তিনি বন্ধুৱে মিলি খেলিছিল জুৱা ৷
মৃদুল কৰ্মকাৰ নামৰ যুৱকজনক ৰাজা দাস আৰু ৰবীন দাসে মিলি হাতুৰীৰে আক্ৰমণ কৰে । আনহাতে, মৃদুলেও এডাল কাঠেৰে দুয়োজনকে আক্ৰমণ কৰাত তিনিওজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্ত হৈ শ্ৰীমন্ত নগৰৰ পথৰ কাষত পৰি ৰয় যুৱক তিনিজন ৷ ইয়াৰ পাচতে গোলাঘাট আৰক্ষীয়ে আঘাতপ্ৰাপ্ত যুৱক তিনিজনক উদ্ধাৰ কৰি শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ।
উক্ত অঞ্চলত বহুদিনৰ পৰাই এনেদৰে জুৱা খেল চলি থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷
বৰ্তমান ৰাজ্যত নিচাযুক্ত দ্ৰব্য সেৱনৰ লগতে জুৱা খেলত আসক্ত হৈছে বহু যুৱক ৷ ৰাজ্যৰ বহু যুৱকে এনেবোৰ অপৰাধত লিপ্ত হোৱা দেখা গৈছে ৷ এনেবোৰ কু-কৰ্মত নামি পৰিয়ালকো হাৰাশাস্তি কৰি তুলিছে একাংশ যুৱ চামে ৷ ইয়াৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police) সৰৱ হৈছে আৰু আৰক্ষীৰ অভিযানত দৈনিক ন-ন অপৰাধৰ ঘটনা পোহৰলৈ আহিছে ৷
লগতে পঢ়ক : শিৱসাগৰত উচ্ছেদ অভিযান