ETV Bharat / state

বিদ্ৰোহী সংগঠনেৰে শান্তি চুক্তি স্বাক্ষৰ, বোকাখাতত বিজয় উৎসৱ

author img

By

Published : Sep 16, 2022, 1:07 PM IST

কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে পাঁচটা আদিবাসী বিদ্ৰোহী সংগঠন আৰু আন তিনিটা উগ্ৰপন্থী গোটৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ (Trilateral peace agreement) পাছতে বোকাখাতত বিজয় উৎসৱ পালন কৰা হৈছে । বিদ্ৰোহী সংগঠনৰ ছহিদসকলক স্মৰণ কৰাৰ লগতে উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আদিবাসী সমাজৰ মাজত ।

Bokakhat
বোকাখাতত বিজয় উৎসৱ

বোকাখাত,১৬ ছেপ্টেম্বৰ : নতুন দিল্লীত বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নৰ্থ ব্লকস্থিত কাৰ্যালয়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Union home minister Amit Shah) আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে পাঁচটা আদিবাসী বিদ্ৰোহী সংগঠন আৰু আন তিনিটা উগ্ৰপন্থী গোটৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰিত হয় (Peace pact with eight tribal militant outfits of Assam)। লগে লগে বিভিন্ন স্থানত উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে ।

বিশেষ ক্ষণত উগ্ৰপন্থী সংগঠন AANLA, ACMS, SPF, APA, BCFৰ যুদ্ধ বিৰতি গোটে বোকাখাতত পালন কৰিলে বিজয় দিৱস । জাতিটোৰ বাবে ছহিদ হোৱা প্ৰাক্তন নেতাসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে গীত, নৃত্যৰে বিশেষ দিনটো উদযাপন কৰে সদস্য লগতে স্থানীয় লোকসকলে । লগতে স্থানীয় যুৱক যুৱতীসকলে ঝুমুৰ নৃত্য পৰিৱেশন কৰি আনন্দত মতলীয়া হয় ।

বিদ্ৰোহী সংগঠনেৰে শান্তি চুক্তি স্বাক্ষৰ, বোকাখাতত বিজয় উৎসৱ

আদিবাসী জনগোষ্ঠীৰ অস্ত্ৰ বিৰতি গোটৰ লগত শান্তি চুক্তি ৰূপায়ণত (Trilateral peace agreement signed) পূৰ্ণ সহযোগিতা আগবঢ়োৱা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আদিবাসীসকলে ।

উল্লেখ্য যে দিল্লীত এই চুক্তি স্বাক্ষৰৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, সাংসদদ্বয় কামাখ্যা প্ৰসাদ তাছা আৰু পল্লৱ লোচন দাস, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, গৃহ বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত(DGP Bhaskarjyoti Mahanta) আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথ উপস্থিত থাকে ।

চুক্তি স্বাক্ষৰ কৰা আদিবাসী বিদ্রোহী সংগঠন কেইটা হ’ল বীৰছা কমাণ্ডো ফ’ৰ্চ (বি চি এফ),আদিবাসী পিপ’লছ্ আর্মী (এ পি এ), অল আদিবাসী নেশ্বনেল লিবাৰেশ্যন আৰ্মী (এ এ এন এল এ), আদিবাসী কোব্ৰা মিলিটাৰী অৱ আছাম (এ চি এম এ) আৰু চাওতাল টাইগাৰ ফ'ৰ্ট (এছ টি এফ) । ২০১৬ চনৰ পৰা বি চি এফ, এ পি এ, এ এ এন এল এ, এ চি এম এ আৰু এছ টি এফ-এ চৰকাৰৰ সৈতে যুদ্ধ বিৰতি চলি আছে আৰু তেতিয়াৰে পৰা বিদ্ৰোহী সংগঠনৰ কেডাৰসকলে নিৰ্দিষ্ট শিৱিৰত বাস কৰি আহিছে ।

লগতে পঢ়ক :টীয়কত ২২১ জন ৰোগীৰ মাজত চেক বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.