ETV Bharat / state

গোলাঘাটত সংৰক্ষিত কৰি ৰখা গঁড়ৰ খৰ্গৰ পুনৰ গণনা প্ৰক্ৰিয়া আৰম্ভ - গোলাঘাটত সংৰক্ষিত কৰি ৰখা গঁড়ৰ খৰ্গৰ পুনৰ গণনা প্ৰক্ৰিয়া আৰম্ভ

গোলাঘাট জিলাৰ আৱৰ্ত ভৱনত গোলাঘাটৰ জিলা কোষাগাৰত মজুত থকা মুঠ ১১৯৫ টা গঁড়ৰ খৰ্গৰ পুনৰ পৰীক্ষণ কৰা হৈছে বৃহস্পতিবাৰৰ দিনটোত ।

গোলাঘাটত সংৰক্ষিত কৰি ৰখা গঁড়ৰ খৰ্গৰ পুনৰ গণনা প্ৰক্ৰিয়া আৰম্ভ

author img

By

Published : Sep 9, 2021, 6:18 PM IST

গোলাঘাট, 9 ছেপ্তেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে গোলাঘাট জিলাটো গঁড়ৰ খৰ্গৰ পুনৰ গণনা আৰু নমুনা সংগ্ৰহৰ অভিযান আৰম্ভ হৈছে ৷

বৃহস্পতিবাৰে গোলাঘাট জিলাৰ আৰ্ৱত ভৱনত গোলাঘাট জিলাত সংৰক্ষিত কৰি ৰখা গঁড়ৰ খৰ্গৰ পুনৰ নমুনা সংগ্ৰহৰ অভিযান আৰম্ভ কৰে এটা বিশেষ দলে ৷ পুৱাৰে পৰা গঁড়ৰ খৰ্গৰ গণনা কৰা দলে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷

গোলাঘাটত সংৰক্ষিত কৰি ৰখা গঁড়ৰ খৰ্গৰ পুনৰ গণনা প্ৰক্ৰিয়া আৰম্ভ

উল্লেখযোগ্য যে, গোলাঘাট জিলাত সংৰক্ষিত কৰি ৰখা গঁড়ৰ খৰ্গ সমূহ কেনে পৰিস্থিতিত আছে, তাৰ তন্ন তন্ন কৈ পৰীক্ষা কৰিব উক্ত দলটোৱে । জানিব পৰা মতে, গোলাঘাটৰ জিলা কোষাগাৰত মজুত থকা মুঠ ১,১৯৫ টা গঁড়ৰ খৰ্গৰ পুনৰ পৰীক্ষণ কৰা হ'ব বৃহস্পতিবাৰৰ দিনটোতে ।

লগতে পঢ়কঃ নিমাতীত কান্দোনৰ ৰোল; যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সময়ত সংগৃহীত আৰু চোৰাং চিকাৰী বা চোৰাং ব্যৱসায়ীৰ পৰা জব্দ কৰা এই গঁড়ৰ খৰ্গবোৰ গোলাঘাট জিলা কাৰাগাৰত সংৰক্ষিত কৰি ৰখা হৈছিল ৷ সেই সমূহ গঁড়ৰ খৰ্গৰে বৃহস্পতিবাৰে বিজ্ঞানসন্মতভাৱে পুনৰ পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে সংশ্লিষ্ট বিভাগে ৷

লগতে পঢ়কঃ ৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন : পূৰ্ণ হব বিশ্বজিৎ দৈমাৰীৰ খালি আসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.