গোলাঘাটত, 21আগষ্টঃ জীপাল শ্ৰমিক সংঘৰ উদ্যোগত গোলাঘাট জিলাৰ কমাৰগাঁৱৰ ভিতৰুৱা ৰিৰি অঞ্চলত কান্ধত নাঙল-যুঁৱলি, ছেপা, কুলা লৈ ব্যতিক্ৰমী প্ৰতিবাদ । নদীৰ কাষত ব্যতিক্ৰমী প্ৰতিবাদ নামিল খহনীয়াত ভীতিগ্ৰস্ত হোৱা পৰিয়াল। কোনো জন ওলাল কান্ধত নাঙল লৈ আন কোনো জনৰ হাতত আকৌ মাছ ধৰা সঁজুলী ৷ এনেদৰে নদীৰ কাষত দীঘলীয়া শাৰী পাতি চৰকাৰ বিৰোধী শ্ল'গান দিলে লোকসকলে ৷
দৰাচলতে ব্ৰহ্মপুত্ৰৰ তীব্র গৰাখহনীয়াই সৰ্বস্বান্ত কৰা খাটি খোৱা লোকসকৰ এতিয়া্ মাটি ভেটি উচন যোৱাৰ আশংকাই দেখা দিয়াৰ সময়তো চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এনেদৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল ৰাইজ । চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যি জীঅ' বেগৰ ব্যৱস্থা কৰিছিল তকো খহালে ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতে ।
![unique protest at golaghat aginest goverment](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-801-21aug-uniqueprotest-vis-byte-as10024_21082020101119_2108f_1597984879_1087.png)
ইপিনে জীঅ' বেগৰ নামতো বৃহৎ দুৰ্নীতিৰ হোৱাৰ অভিযোগ গাঁওবাসীৰ । অতিশীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে গাঁওবাসীয়ে ৷
![unique protest at golaghat aginest goverment](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-801-21aug-uniqueprotest-vis-byte-as10024_21082020101119_2108f_1597984879_173.png)
লগতে পঢ়কঃ ভয়ানক ৰূপত চাইবাৰ অপৰাধীৰ দলে জাল পাতিছে মধ্য অসমত