গোলাঘাট, 6 আগষ্ট : গোলাঘাট আৰক্ষীৰ জালত পৰিল চেনলুক দলে নামৰ এজন আলফা সদস্য ৷ ফৰকাটিঙৰ এজন ব্যৱসায়ীৰ পৰা দাবী কৰা ধন নিবলৈ অহাৰ তথ্য লাভ কৰাৰ পাচতেই গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আলফা সদস্যজনক ৷
শদিয়াৰ বগৰিগুৰিৰ চেনলুক দলে আলফা আৰু এনএছচিএনৰ সৈতে জড়িত ৷ ইয়াৰোপৰি,নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ কেম্পত প্ৰশিক্ষণো গ্ৰহণ কৰিছিল ধৃত দলেই । মিছিং অধ্যুষিত এলেকাৰ যুৱকসকলক একত্ৰিত কৰি এটা নতুন মিছিং সন্ত্ৰাসবাদী সংগঠন গঢ়াৰ পৰিকল্পনা কৰিছিল দলেই । গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াই এই তথ্য সদৰী কৰে ৷