ETV Bharat / state

ব্যতিক্ৰম: চেলুনৰ ব্যৱসায় কৰি উলিয়াইছে শিক্ষাৰ খৰচ

দুজন ব্যাতিক্ৰমী যুৱক ৷ চেলুনৰ ব্যৱসায় কৰি উলিয়াইছে শিক্ষাৰ খৰচ ৷ মনত আগ্ৰহ আৰু প্ৰৱল ইচ্ছা যুৱক দুজনৰ ৷ ব্যৱসায়ৰ সমান্তৰালকৈ চলাই গৈছে অধ্যয়ন ৷

ব্যতিক্ৰম: চেলুনৰ ব্যৱসায় কৰি উলিয়াইছে শিক্ষাৰ খৰচ
ব্যতিক্ৰম: চেলুনৰ ব্যৱসায় কৰি উলিয়াইছে শিক্ষাৰ খৰচ
author img

By

Published : Jul 9, 2022, 12:02 PM IST

Updated : Jul 9, 2022, 12:28 PM IST

বোকাখাত, 9 জুলাই: ইচ্ছা, আগ্ৰহ থাকিলে যিকোনো পৰিস্থিতিতেই গ্ৰহণ কৰিব পৰা যায় শিক্ষা ৷ আৰ্থিক দৈন্যতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে শিক্ষাগ্ৰহণত ৷ ইয়াৰে এক অন্যতম উদাহৰণ এইখন অসমৰে দুই যুৱক ৷ বোকাখাতৰ বিশাল বৰা আৰু সুভন বৰা নামৰ যুৱক দুজনে নিজৰ শিক্ষাৰ খৰচ উলিয়াবলৈ আৰম্ভ কৰিছে চেলুনৰ ব্যৱসায় ৷

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত (JDSG College Bokakhat) অধ্যায়নৰত বাণিজ্য শাখাৰ স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ বিশাল বৰা আৰু আনজন কলা শাখাৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ সুভন বৰা ৷ ৰাজ্যত নিবনুৱা সমস্যাই জ্বলন্ত ৰূপ ধাৰণ কৰাৰ সময়তে বোকাখাতৰ এই দুজন যুৱকে চেলুনৰ ব্যৱসায়েৰে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ সমান্তৰালকৈ চলাই নিছে নিজৰ অধ্যয়নো ।

ব্যতিক্ৰমী: ব্যাৱসায়ৰ সমান্তৰালকৈ চলাই গৈছে অধ্যয়ন

প্ৰাপ্তবয়স্ক হোৱাৰে পৰাই কলেজৰ পৰা আহি আবেলিৰ পৰা সন্ধিয়ালৈ নিজে খোলা চেলুনত চুলি কাটি পিতৃ-মাতৃ, ভাই-ভনীক আৰ্থিক সকাহ দিয়াৰ সমান্তৰালকৈ নিজৰ উচ্চ শিক্ষাৰ বাটো মোকলাই ল'বলৈ সক্ষম হৈছে যুৱকে দুজনে ।

শাৰীৰিক পৰিশ্ৰম কৰিবলৈ কোনোধৰণৰ কুন্ঠাবোধ নকৰা আৰু সকলো বৃত্তিকে সন্মানৰ চকুৰে চোৱা যুৱকদ্বয়ে নিতৌ পাঁচশৰ পৰা এহেজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰি সমাজৰ দহজনৰ মনত আশাৰ ৰেঙনি দেখুৱাইছে ।

সমাজৰ বাবে এক আৰ্দশ স্বৰূপ বোকাখাতৰ এই দুই যুৱক ৷ কৰ্মমুখী নহৈ সততে সংস্থাপন বিচাৰি আন্দোলন কৰা ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতী সকলে চাকৰি বিচাৰি হাবাথুৰি খোৱাৰ সময়তে যুৱক দুজনৰ আৰ্থিক স্বাৱলম্বিতাৰ নিদৰ্শনক ৰাইজে প্ৰশংসা কৰাৰ লগতে উৎসাহিতও কৰিছে । বিশাল আৰু সুভন নৱপ্ৰজন্মৰ বাবে নিশ্চিতভাৱে এক আদৰ্শ হৈ ৰ'ব । বিশাল আৰু সুভনলৈ আমাৰ ফালৰ পৰাও থাকিল শুভেচ্ছা ।

লগতে পঢ়ক: ফেশ্বন ডিজাইনিঙৰ জৰিয়তে স্বাৱলম্বীতাৰ সপোন দেখা এগৰাকী যুৱক

Last Updated : Jul 9, 2022, 12:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.