গোলাঘাট,১ মেঃ গোলাঘাটত মোবাইল চুৰ কৰি গ্ৰেপ্তাৰ হ'ল দুই চোৰ। গোলাঘাট ঘিলাধাৰী থানাৰ অন্তৰ্গত গৰঙাৰ এখন মোবাইল ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা মঙলবাৰে চুৰ হৈছিল প্ৰায় ৪০ হাজাৰ টকাৰ ৭টা মোবাইল। বিবেক ঘোষ নামৰ ব্যক্তিজনৰ মোবাইল দোকানখনৰ দুৱাৰ ভাঙি চোৰে প্ৰায় ৭ টা কৈ বিভিন্ন কোম্পানীৰ মোবাইল চুৰ কৰে ।
তাৰ পাছতেই ব্যৱসায়ী জনে এক গোচৰ তৰে ঘিলাধাৰী আৰক্ষী থানাত। প্ৰদীপ শইকীয়া আৰু কমল ৰয় নামৰ দুটা চোৰ আটক হয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অভিযানত। উল্লেখ্য যে চোৰ দুটাৰ লগতে চুৰি হোৱা সাতোটা মোবাইলেই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ঘিলাধাৰী আৰক্ষীয়ে।