ETV Bharat / state

বন বিভাগৰ অদূৰদৰ্শিতাৰ বাবে খুমটাইত বনৰীয়া হাতীৰ মৃত্যু ! - wild elephant

শুকুৰবাৰে সন্ধিয়া খুমটাই চুংগীহোলাৰ মণ্ডলকাঠনিৰ বৰবিলৰ মেটেকা আৰু বোকাত লাগি মৃত্যুক সাৱটি লয় এটা বনৰীয়া হাতীয়ে ৷ বনবিভাগে হাতীটো উদ্ধাৰৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় লোকৰ ৷

tragic-death-of-a-wild-elephant-in-khumtai-due-to-negligence-of-forest-department
বন বিভাগৰ অদূৰদৰ্শিতাৰ বাবে খুমটাইত বনৰীয়া হাতীৰ কৰুণ মৃত্যু
author img

By

Published : Jul 2, 2021, 10:52 PM IST

গোলাঘাট, 2 জুলাই : ৰাজ্যত অব্যাহত থকা ক'ভিড ভয়াৱহতাৰ মাজতে গোলাঘাট জিলাৰ খুমটাইত মৃত্যুক সাৱটি লয় এটা বনৰীয়া হাতীয়ে ৷ বন বিভাগৰ অদূৰদৰ্শিতাৰ বাবেই কৰুণ মৃত্যুক সাৱটিলে বন্য হস্তীটোৱে ৷ খুমটাই চুংগীহোলাৰ মণ্ডলকাঠনিৰ সমীপৰ বৰবিলৰ মেটেকা আৰু বোকাত লাগি ধৰি কৰুণ মৃত্যুক আকোঁৱালি লয় বন্যহস্তীটোৱে ৷ হাতীটোৰ এনে কৰুণ মৃত্যুৰ ঘটনাই খুমটাই অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য ৷

জানিব পৰা মতে, বুধবাৰে প্ৰায় চল্লিশজনীয়া এটা বৃহৎ হাতীৰ জাকে খাদ্যৰ সন্ধানত আহি আশ্ৰয় লৈছিল মণ্ডল কাঠনিত ৷ উক্ত হাতীৰ জাকটোক বৃহস্পতিবাৰে আবেলি বন বিভাগৰ লোকে অঞ্চলটোৰ পৰা খেদি পঠিয়াই যদিও মণ্ডল কাঠনিত উক্ত হাতীটো থাকি যায় ৷ শুকুৰবাৰে পুৱা মণ্ডল কাঠনিৰ আশে-পাশে হাতীটোক বিচৰণ কৰা প্ৰত্যক্ষ কৰিছিল একাংশ লোকে ৷ পিছত পুৱা 10 মান বজাত মণ্ডল কাঠনিৰ গাতে লাগি থকা বৰবিলৰ মেটেকা আৰু বোকাত লাগি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷

বন বিভাগৰ অদূৰদৰ্শিতাৰ বাবে খুমটাইত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

স্থানীয় ৰাইজে লগে লগে বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগে উক্ত অঞ্চললৈ আহি দায় সামৰি উভতি যায় ৷ উক্ত হাতীটোক বিলটোৰ পৰা উদ্ধাৰ কৰিবলৈ স্থানীয় একাংশ ৰাইজে চেষ্টা কৰিছিল যদিও সেই প্ৰচেষ্টা ব্যৰ্থ হয় ৷ অৱশেষত শুকুৰবাৰে সন্ধিয়া বোকা আৰু মেটেকানিৰ পৰা হাতীটোৱে নিজকে ৰক্ষা কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিও ব্যৰ্থ হৈ নিয়তিৰ ওচৰত হাৰ মানিলে ৷ বন বিভাগৰ অদূৰদৰ্শিতাৰ বাবে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি হাতীটোৱে কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে খুমটাই অঞ্চলত ৷

শেহতীয়াকৈ নগাঁৱৰ বামুনীগাঁৱত সংঘটিত হোৱা 18 টাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যুৰ চাঞ্চল্য মাৰ নৌযাওঁতেই গোলাঘাটত এইদৰে পুনৰ এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যুৰ ঘটনাই প্ৰকৃতিপ্ৰেমী সকলৰ মাজত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া ৷

লগতে পঢ়কঃ শীঘ্ৰে বিশ্বনাথ মহকুমা চিকিৎসালয়ত 'ICU' ৰ ব্যৱস্থা কৰাৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.