ETV Bharat / state

সুহুৰি নহয় মুখত গান এজন যান-বাহন আৰক্ষীৰ

author img

By

Published : Jul 11, 2021, 9:54 PM IST

ব্যতিক্ৰমী চিন্তা তথা কামেৰে দেৰগাঁৱত চৰ্চিত হৈছে এজন আৰক্ষী বিষয়া ৷ লাঠি অথবা বন্দুকেৰে নহয় গানৰ জৰিয়তে আইন ভংগকাৰীক সৎপথলৈ অনাৰ প্ৰয়াস এগৰাকী আৰক্ষী বিষয়াৰ ৷

traffic police personnel from dergaon in limelight after performing duty through music
গানেৰে কৰ্তব্য পালন কৰি চৰ্চাত এজন আৰক্ষী বিষয়া

দেৰগাঁও, 11 জুলাই: নিজৰ কৰ্তব্য পালন কৰাৰ ব্যতিক্ৰমী পদ্ধতি আৰু মানৱ দৰদী গুণৰ বাবে বিশেষ চৰ্চা লাভ কৰিছে দেৰগাঁৱৰ এগৰাকী আৰক্ষী বিষয়াই ৷ যান-বাহন নিয়ন্ত্ৰণৰ দায়িত্বত থকা বিষয়াগৰাকীৰ নাম অতুল হাজৰিকা ৷ মুখত হাঁহি আৰু অমায়িক মাতেৰে বুজনি দি আইন ভংগকাৰীৰ সু-পথলৈ অনাৰ চেষ্টা কৰে গান গাই ভালপোৱা এইগৰাকী মানৱ দৰদী আৰক্ষী বিষয়াই ৷

লাঠীৰ পৰিৱৰ্তে গানেৰে ৰাইজক সজাগ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰক্ষী বিষয়াগৰাকীয়ে ৷ উল্লেখ্য যে, দেৰগাঁও থানাৰ যান-বাহন নিয়ন্ত্ৰণৰ দায়িত্বত থকা এইগৰাকী আৰক্ষী বিষয়াই মানুহৰ প্ৰতি দেখুওৱা মৰমে দেৰগাঁওবাসী ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে ৷ লগতে এটি গানক লৈ শেহতীয়াকৈ অধিক চৰ্চা লাভ কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে ৷

নিজ কৰ্তব্যৰ মাজতে এফাকি গানেৰে ৰাইজক অতিমাৰী কৰ'ণাৰ বিৰুদ্ধে সজাগ কৰাৰ প্ৰয়াস কৰিছে আৰক্ষী বিষয়া অতুল হাজৰিকাই ৷ কৰ'ণাৰ এই ভয়াৱহ সময়ছোৱাত ৰাইজক ক'ভিড বিধি মানি চলিবলৈ গানৰ মাধ্যমেৰে বিশেষভাৱে আহ্বান জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে ৷

সংবাদ মাধ্যমৰ আগত আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, "লাঠিৰে ৰাইজক নিয়ন্ত্ৰণ কৰিব নোৱাৰি গানৰ জৰিয়তে সজাগ কৰাৰ প্ৰয়াস কৰিছো ৷ কিজানিবা ৰাইজে বুজেই ৷ মানুহক মাৰপিট কৰিবলৈ বেয়া লাগে গতিকে উপায় নাপালে ভয় খুৱাবলৈ চাইকেলখনতে কোব এটা মাৰো ৷ "

মন কৰিবলগীয়া যে, সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে কৰ'ণাৰ ভয়াৱহ ৰূপ ৷ ৰাজ্য চৰকাৰে ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও পৰিস্থিতি এতিয়াও সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অহা নাই ৷ ক'ভিডৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনত আৰক্ষীৰ লোকসকল অনবৰতে বৰ্তি হৈ থকাৰ মাজতো কিন্তু সচেতন হোৱা নাই একাংশ উদণ্ড প্ৰকৃতিৰ লোক ৷

একাংশ আইন অমান্যকাৰী লোকৰ বাবে ঠায়ে ঠায়ে সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ ৷ কিন্তু ইমানৰ পাচতো এইগৰাকী আৰক্ষী বিষয়াই গ্ৰহণ কৰা পদক্ষেপক শলাগ জনাইছে একাংশ সচেতন লোকে ৷ উল্লেখ্য যে, দেৰগাঁৱৰ বহুকেইটা ৰাজহুৱা অনুষ্ঠানে কেইবাবাৰো সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰক্ষী বিষয়া অতুল হাজৰিকাক ৷

লগতে পঢ়ক: নিজৰ মাজতে সংঘৰ্ষ লাগি প্ৰাণ হেৰুৱালে বীৰাপ্পানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.