মেৰাপানী, ১৪ নবেম্বৰ: ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে দৈয়াং-চাউদাঙত বিতৰণ কৰিলে বিভিন্ন সামগ্ৰী । উল্লেখ্য় যে ঠেঙাল কছাৰী জনগোষ্ঠীৰ মহিলা আৰু নিবনুৱা যুৱক-যুৱতী সকলৰ স্বাৱলম্বিতাৰ প্ৰতি লক্ষ্য ৰাখি ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ দৈয়াং-চাউদাং সমষ্টিত বিতৰণ কৰা হয় বিভিন্ন সামগ্ৰী । দৈয়াং-চাউদাং সমষ্টিটোৰ কাৰ্যবাহী সদস্য পদ্মেশ্বৰ শইকীয়াৰ উদ্যোগত পৰিষদীয় সমষ্টিটোৰ ২৪ গৰাকী লোকক চিলাই মেচিন আৰু ই-ৰিক্সা বিতৰণ কৰা হয় । ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যৱাহী সদস্য পদ্মেশ্বৰ শইকীয়াৰ বাসগৃহত অনুষ্ঠিত এখন ৰাজহুৱা সভাত এই সামগ্ৰী সমূহ বিতৰণ কৰা হয় ।
লগতে পঢ়ক:Two Teachers Fight : বিদ্যালয় নহয় যেন ৰণাংগনহে; জোতা-চেণ্ডেল হাতত লৈ দুই শিক্ষকৰ তুমুল মাৰপিট
ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ দৈয়াং-চাউদাং সমষ্টিত বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মেৰাপানীৰ বিশিষ্ট সমাজকৰ্মী পোনা বৰাৰ লগতে দৈয়াং জিলা পৰিষদৰ সদস্য অৰুণ ৰাজবংশীয়ে । দৈয়াং গাঁওবুঢ়া সন্থাৰ সভাপতি মুনিন্দ্ৰ শইকীয়া আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যৱাহী সদস্য ৰাজু সোণোৱাল উপস্থিত থকা বিভিন্ন অনুদান বিতৰণ সভাখনত হিতাধীকাৰী সকলক সামগ্ৰী সমূহ বিতৰণ কৰা হয় ।
উল্লেখ্য যে ঠেঙাল কছাৰীৰ পৰিষদৰ অধীনৰ অনা ঠেঙাল লোককো তেওঁলোকৰ সাহাৰ্য, অনুদান সময়ে সময়ে প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকললৈ শিক্ষাৰ জলপানী প্ৰদান কৰি অহা বুলিও উল্লেখ কৰে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পদ্মেশ্বৰ শইকীয়াই । ঠেঙাল কছাৰী জনগোষ্ঠীৰ মহিলা আৰু নিবনুৱা যুৱক যুৱতী সকলৰ স্বাৱলম্বিতাৰ প্ৰতি লক্ষ্য ৰাখি ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে সময়ে সময়ে বিভিন্ন সামগ্ৰী কৰি অহা বুলি কয় ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যগৰাকীয়ে ।
লগতে পঢ়িব:World Diabetes Day 2023: বিশ্ব ডায়েবেটিছ দিৱস উপলক্ষে এই ৰোগ সম্পৰ্কে কিছু জানিবলগীয়া কথা