ETV Bharat / state

এগৰাকী ৭০ বছৰীয়া আইতাৰ জীৱনৰ কৰুণ কাহিনী - The tragic story of the life of a 70-year-old lady

94 নং সৰুপথাৰ বিধানসভা সমষ্টিৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাঁচঘৰীয়া গাঁৱৰ এগৰাকী ৭০ বছৰীয়া আইতাৰ জীৱনৰ কৰুণ কাহিনী ৷ অকণি গগৈ নামৰ আইতা গৰাকীয়ে উৰুখা পঁজাতেই অকলশৰে পাৰ কৰিছে জীৱনৰ বৃদ্ধকাল ৷ আনৰ ঘৰত কাম কৰি পেট প্ৰবৰ্তোৱা আইতাগৰাকীয়ে দুপইচা পাইছিল যদিও কিছুদিন পূৰ্বে পিছলি পৰি হাত দুখনো ভাঙি থাকে ৷ ৰেচন কাৰ্ডৰ পৰা মাহে 4 কেজিকৈ পোৱা চাউলেৰে কোনো মতে জোৰা তাপলি মাৰি মাহটো পাৰ কৰে আইতাগৰাকীয়ে ৷

The tragic story of the life of a 70-year-old lady
এগৰাকী ৭০ বছৰীয়া আইতাৰ জীৱনৰ কৰুণ কাহিনী
author img

By

Published : Jun 10, 2021, 6:02 PM IST

সৰুপথাৰ, 10 জুন : এগৰাকী 70 বছৰীয়া আইতাৰ কৰুণ কাহিনী ৷ এটি উৰুখা পঁজাতেই বছৰ বছৰ ধৰি আইতাগৰাকীয়ে পাৰ কৰিছে দিন ৷ 94 নং সৰুপথাৰ বিধানসভা সমষ্টিৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাঁচঘৰীয়া গাঁৱৰ অকণি গগৈ নামৰ আইতা গৰাকীয়ে উৰুখা পঁজাতেই অকলশৰে পাৰ কৰিছে জীৱনৰ বৃদ্ধকাল ৷ দুগৰাকী জীয়াৰিয়ে এখন সুখৰ সংসাৰ থকা আইতাগৰাকীৰ এতিয়া উপাৰ্জন বুলিবলৈ একোৱেই নাই ৷ জীয়াৰী দুজনীক বিয়া দিছে যদিও তেওঁলোকৰ অৱস্থাও তেনেই দুৰ্বল ৷

আনৰ ঘৰত কাম কৰি পেট প্ৰৱৰ্তোৱা আইতাগৰাকীয়ে দুপইচা পাইছিল যদিও কিছুদিন পূৰ্বে পিচলি পৰি হাত দুখনো ভাঙি থাকে ৷ ৰেচন কাৰ্ডৰ পৰা মাহে 4 কেজিকৈ পোৱা চাউলেৰে কোনো মতে জোৰা তাপলি মাৰি মাহটো পাৰ কৰে আইতাগৰাকীয়ে ৷ দুখীয়া লোকৰ বাবে চৰকাৰে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ন কৰিছে যদিও আইতা গৰাকীয়ে আজিলৈকে নাপালে এটি চৰকাৰী ঘৰ, নাপালে অনাময় আঁচনিৰ সুবিধা ৷ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছিল যদিও দুমাহমান পোৱাৰ পিছত সেয়াও নোপোৱা হৈ থাকিল ।

এগৰাকী ৭০ বছৰীয়া আইতাৰ জীৱনৰ কৰুণ কাহিনী

আইতা গৰাকীৰ পানী খাবলৈও নাই এটি দমকল ৷ আনৰ ঘৰৰ পৰা পানী আনিহে দূৰ কৰে তৃষ্ণা । ইফালে আইতা গৰাকীক সহায় কৰিবলৈ জী-জোঁৱাইৰো আৰ্থিক অৱস্থা ভাল নহয় । গতিকে চকুলো টোকাৰ বাহিৰে যেন এতিয়া আন উপায় নোহোৱা হৈছে আইতা গৰাকীৰ । জীৱনৰ বিয়লি বেলাত এই গৰাকী আইতাই অতি দুখ আৰু কষ্টৰে দিন অতিবাহিত কৰাত স্থানীয় লোকে আইতাগৰাকীক চৰকাৰী সুবিধাসমূহ প্ৰদানৰ বাবে অনুৰোধ জনাইছে ৷

লগতে পঢ়ক: স্বৰাজোত্তৰ কালৰ উন্নয়নৰ বিপৰীত ছবি কঢ়িওৱা এখন গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.