ETV Bharat / state

হাতীৰ ওপৰত মানুহৰ অবৰ্ণনীয় অত্যাচাৰ, আৰক্ষীৰ কাষ চাপিল বাইকাৰ্ছ এছ'চিয়েচন

author img

By

Published : Jul 23, 2020, 9:24 AM IST

গোলাঘাট জিলাৰ নুমলীগড়ৰ লেটেকুবাৰীত বন্যহস্তীৰ ওপৰত স্থানীয় লোকৰ নিৰ্মম অত্যাচাৰ ৷ কেটেপা, ধনু কাঁড়, ফটকাৰে হাতীৰ ওপৰত চলোৱা অবৰ্ণনীয় অত্যাচাৰৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল The Traditional Biker's Association নামৰ নুমলীগড়স্থিত এটা সংগঠন ৷

The Traditional Biker's Association
The Traditional Biker's Association

গোলাঘাট , 23 জুলাইঃ প্ৰকৃতিৰ ওপৰত চলোৱা অত্যাচাৰৰ প্ৰতিফল বাৰে-বাৰে ভোগ কৰি আহিছে মানৱ জাতিয়ে ৷ হাতী মানুহৰ সংঘাত, চহৰাঞ্চলত বনৰজাৰ বিচৰণ তথা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগে আমাক বাৰে-বাৰে সোঁৱৰাই আহিছে প্ৰাকৃতিক ভাৰসাম্যতা বিনষ্ট হোৱাৰ ফলত সংঘটিত হ’ব পৰা প্ৰাণনাশক সংকটৰ কথা ৷ কিন্ত অভিজ্ঞতাৰ পাছতো যেন শিক্ষা নহয় জীৱ একাংশ জীৱশ্ৰেষ্ঠ মানুহৰ স্বভাৱসিদ্ধ আক্ৰোশমূলক আচৰণ ৷ চূড়ান্ত স্বাৰ্থপৰতাৰ নিৰ্দশন উদঙাই একাংশই নিৰবিচিন্ন অত্যাচাৰ চলাই আহিছে প্ৰকৃতিৰ ওপৰত , অব্যাহত ৰাখিছে প্ৰকৃতিৰ ভাৰসামত্যা নষ্ট কৰিব পৰা যৎপৰোনাস্তি প্ৰচেষ্টা ৷

আৰক্ষীৰ কাষ চাপিল The Traditional Biker's Association

অনুৰূপ ঘটনা নুমলীগড়ৰ লেটেকুজান চাহ বাগিছাত , ৰাজ্যখনৰ ঠায়ে-ঠায়ে হস্তী-মানৱ সংঘাতে বহু পৰিয়ালৰ জীৱনলৈ অমানিশা নমাই অনাৰ সময়তে হাতীৰ জাকৰ ওপৰত আক্ৰমণ আৰু অবৰ্ণনীয় অত্যাচাৰ চলাই আহিছে বাগিছাখনৰ একাংশ ব্যক্তিয়ে ৷ হাতত কেটেপা, ধনু কাঁড়, ফটকা লৈ হাতীৰ জাকৰ ওপৰত নিৰ্মম আক্ৰমণ বাগিছাখনৰ আৱাসী সকলৰ ৷ ফলাফল , উখহা কপাল লৈ পলাইছে কোনো এটা হাতীয়ে , গুৰুতৰভাৱে ঠেঙত আঘাতপ্ৰাপ্ত হৈ সুৰক্ষিত স্থানৰ সন্ধানত ঢপলিয়াইছে আন এটা হাতীয়ে ৷ মানুহৰ অত্যাচাৰত দিক-বিদিক হেৰুৱাই নিজ সন্তানক সুৰক্ষা দিয়াৰ চেষ্টা কৰিছে নিঃসহায় হাতীৰ জাকটোৱে ৷

উল্লেখযোগ্য যে, নিশা খাদ্যৰ সন্ধানত কাষৰীয়া অঞ্চলত এই বনৰীয়া হাতীৰ জাকটোৱে বিচৰণ কৰে যদিও দিনৰ ভাগত লেটেকুজান চাহ বাগিছাত অৱস্থান কৰে জাকটোৱে ৷ সেই সময়তেই গাঁও বা মানুহৰ বাসস্থানৰ পৰা নিলগত এই হাতীৰ জাকটোৱে অৱস্থান কৰাৰ পিছতো কিছুমান দুষ্কৃতিকাৰীয়ে প্ৰায়ে কেটেপা, ফটকা, ধনুৰে আক্ৰমণ কৰি নিৰ্মম অত্যাচাৰ চলোৱা দেখা যায় হাতীৰ জাকটোৰ ওপৰত ৷

The Traditional Biker's Association
The Traditional Biker's Association

শেহতীয়াকৈ এই সকল নৃশংস মানুহৰ এই ধৰণৰ কাৰ্য-কলাপৰ বিৰুদ্ধে গৰজি উঠিল গোলাঘাট জিলাৰ নুমলীগড়ৰ "The Traditional Biker's Association" নামৰ এটা সংগঠন ৷ এই ঘটনাৰ উচিত বিচাৰ বিচাৰি আৰক্ষীৰ কাষ চাপিল সংগঠনটো ৷ বন্যহস্তীৰ সুৰক্ষাৰ বাবে নুমলীগড়ৰ বন বিভাগে যাতে ব্যৱস্থা গ্ৰহণ কৰে , সেই দাবীও সজোৰে উত্থাপন কৰিছে সংগঠনটোৱে ৷

বন্যহস্তীৰ ওপৰত স্থানীয় লোকৰ নিৰ্মম অত্যাচাৰ

হস্তী-মানৱ সংঘাত, অসমক জুৰুলা কৰা একাধিক সমস্যাৰ ভিতৰত অন্যতম এই হস্তী-মানৱ সংঘাত ৷ শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্পৰ্শকাতৰ হৈ পৰা এই সমস্যাৰ নিশ্চিতভাৱে এক স্থায়ী সমাধানৰ প্ৰয়োজন ৷ এই সমস্যা সমাধানৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা প্ৰয়োজন ৰাজ্য চৰকাৰ তথা বন বিভাগৰ ৷ অন্যথা, চৰকাৰ তথা বন বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবে অনাগত ভৱিষ্যতেও স্পৰ্শকাতৰ অঞ্চলসমূহৰ জনসাধাৰণে সন্মুখীন হ'ব লাগিব অনিশ্চিত ভৱিষ্যতৰ ৷

লগতে পঢ়কঃহিমন্ত বিশ্ব শৰ্মাৰ অভিযোগৰ প্ৰত্যুত্তৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.