ETV Bharat / state

অসমীয়া চহা সমাজৰ নাঙল ধোৱা পৰ্ব - সেউজীয়া পথাৰ

শাওনৰ শেষত এতিয়া কৃষকৰ বাবে আজৰিৰ সময় ৷ কপালৰ ঘাম মাটিত পেলাই সেউজীয়া কৰা পথাৰডৰাই সোণালী বৰণ নোলোৱালৈকে শাৰীৰিক অৱসাদ দূৰ কৰাৰ সময় এতিয়া কৃষকৰ ৷ কিয়নো ওৰ পৰিল খেতিৰ পথাৰৰ কাম ৷

নাঙল ধোৱা পৰ্ব
নাঙল ধোৱা পৰ্ব
author img

By

Published : Aug 1, 2020, 5:22 PM IST

সৰুপথাৰ, 1 আগষ্ট: কৃষকে সামৰিলে হাল ৷ খেতিপথাৰৰ ব্যস্ততাৰ অন্তত বছৰটোৰ বাবে এতিয়াৰে পৰা ঘৰত থকা ভঁৰালৰ গাধৈতে ৰখা হ'ব হাল বোৱা মুখ্য সঁজুলি নাঙলক ৷ এনে সময়তে অতীতৰে পৰা অসমীয়া চহা সমাজত প্ৰচলিত হৈ আহিছে নাঙল ধোৱা পৰ্ব ৷ কিন্তু সময়ৰ গৰাহত যেন ক্ৰমান্বয়ে নাইকিয়া হ'বলৈ ধৰিছে অসমীয়াৰ এক বিশেষ পৰ্ব ৷ এই দিনটোতে হাল কোৰ বাই সকলো কৃষি সঁজুলি ধুই পখালি লৈ যোৱা হয় ঘৰলৈ আৰু পৰৱৰ্তী বছৰলৈ সযতনে সাঁচি ৰখা হয় ৷

অসমীয়া চহা সমাজৰ নাঙল ধোৱা পৰ্ব

এই পৰ্বৰ বিশেষ দিনটোৱে অতীজৰে পৰাই অসমৰ কৃষিজীৱী লোকক প্ৰদান কৰি আহিছে উছাহ-উদ্দীপনা ৷ খেতি কাৰ্য সামৰাৰ দিনাই অসমীয়া লোকে পালন কৰি আহিছে নাঙল ধোৱা পৰ্ব ৷ ইফালে এই নাঙল ধোৱা পৰ্বৰ সৈতে আছে "ভাত পিঠা"ৰ এক এৰাব নোৱাৰা সম্পৰ্ক ৷ বিশেষ দিনটোত ভাত পিঠা দৈ,গাখীৰ, গুৰ বা মাছ-মাংসৰ সৈতে খোৱা হয় ৷ অতীজৰে পৰা প্ৰচলিত নিয়ম অনুসৰি,খেতি সামৰাৰ সময়ত ভাত পিঠা আৰু খেতি চপোৱাৰ সময়ত কেঁচাপিঠা খোৱাৰ পৰম্পৰা আছে অসমীয়া সমাজত ৷

দিনটোৱে অতীজৰে পৰাই অসমৰ কৃষিজীৱী লোকক প্ৰদান কৰি আহিছে উছাহ-উদ্দীপনা

কিন্তু আধুনিকতাৰ ধামখুমীয়াত বৰ্তমান আমাৰ সমাজৰ পৰা ক্ৰমান্বয়ে হেৰাই যোৱাৰ উপক্ৰম হৈছে এই আপুৰুগীয়া নীতি-নিয়ম সমূহ ৷ যাৰ বাবে সৰুপখাৰৰ সমাজ সেৱক জীৱন চুতীয়াই তেওঁৰ খেতি পথাৰত পালন ৰাইজৰ সহযোগত কৰিলে নাঙল ধোৱা পৰ্ব ৷ উদ্দেশ্য এটাই ৷ নৱ প্ৰজন্মক অসমীয়াৰ পৰম্পৰাৰ সৈতে চিনাকি কৰি দিয়া ৷ অসমীয়া সমাজ খন সাধাৰণতে কৃষি কৰ্মৰ লগত জড়িত ৷ সেয়ে ক্ৰমান্বয়ে হেৰাই যাব ধৰা কৃষিৰ পৰম্পৰা সমূহ ধৰি ৰাখিবলৈ এতিয়াও বহু লোকে অব্যাহত ৰাখিছে চেষ্টা ৷

নাঙল ধোৱা পৰ্বৰ সৈতে আছে
নাঙল ধোৱা পৰ্বৰ সৈতে আছে "ভাত পিঠা"ৰ এক এৰাব নোৱাৰা সম্পৰ্ক

লগতে পঢ়ক: আজি পবিত্ৰ ঈদ-উদ-জোহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.