ETV Bharat / state

খুমটাইৰ বৰগুৰিত ভোগ দিয়া উৎসৱৰ প্ৰস্তুতি তুংগত - খুমটাইৰ ঐতিহাসিক সমন্বয় ক্ষেত্ৰ বৰগুৰি

পৰম্পৰা অনুসৰি প্ৰতিবছৰৰ দৰে অহা 3 নৱেম্বৰত ত অনুষ্ঠিত হ'ব ভোগ দিয়া উৎসৱ ।

বৰগুৰিত ভোগ দিয়া উৎসৱৰ প্ৰস্তুতি
author img

By

Published : Oct 27, 2019, 10:41 PM IST

গোলাঘাট,27 অক্টোবৰঃ পৰম্পৰা অনুসৰি প্ৰতিবছৰৰ দৰে অহা ৩ নৱেম্বৰত ঐতিহাসিক সমন্বয় ক্ষেত্ৰ বৰগুৰিত ভোগ দিয়া উৎসৱ অনুষ্ঠিত হ'ব ৷ তাৰ পৰিপ্ৰেক্ষিতত খুমটাইৰ অকামলুৱাত সকলো আৱশ্যকীয় প্ৰস্তুতি তুংগত হৈ উঠা পৰিলক্ষিত হৈছে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ এক লাখ ভক্ত প্ৰাণ বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে উদযাপন সমিতিৰ লগতে সমূহ গাওঁবাসী । গাঁৱৰ সমূহ পুৰুষ,মহিলা আৰু স্থানীয় স্বেচ্ছাসেৱী সংগঠন প্ৰয়াস সমাজ কল্যাণ সমিতিয়ে হাতত ঝাৰু কোৰ লৈ এই ঐতিহাসিক বৰগুৰিৰ বিভিন্ন স্থানসমূহ সুন্দৰকৈ পৰিস্কাৰ কৰাত ব্যস্ত হৈ পৰিছে । এই ভোগদিয়াত প্ৰতি বছৰে লাখ লাখ পাতিহাহঁ, পাৰ চৰাই, ভক্তসকলে মনোবাঞ্চা পূৰণৰ অৰ্থে আগবঢ়াই আহিছে । এই ভোগ প্ৰস্তুত কৰিবলৈ উদযাপন সমিতিয়ে গাঁৱৰ প্ৰায় ২০০ দেউৰী লগতে বহুসংখ্যক স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰিছে । উৎসৱটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সমূহ ভক্ত-প্ৰাণ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি উদযাপন সমিতিয়ে কামনা কৰিছে ৷

বৰগুৰিত ভোগ দিয়া উৎসৱৰ প্ৰস্তুতি

আৰু পঢ়ক ৰাজ্যত প্ৰথমবাৰলৈ দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন

Intro:পৰম্পৰা অনুসৰি প্ৰতি বছৰৰ দৰেই অহা ইংৰাজী ৩ নৱেম্বৰত অনুস্থিত হব ঐতিহাসিক সমন্বয় ক্ষেত্ৰ বৰগুৰিত ভোগ দিয়া উৎসৱ।Body:ঐতিহাসিক সমন্বয় ক্ষেত্ৰ বৰগুৰিত পৰম্পৰা অনুসৰি প্ৰতি বছৰৰ দৰেই ভোগদিয়া উৎসৱ অনুস্থিত হব অহা ইং৩ নৱেম্বৰত। ইয়াক লৈ ব্যাপক প্ৰস্তুতি চলিছে খুমটাইৰ অকামলুৱাত।প্ৰতি ঘৰে ঘৰে এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ এক লাখ ভকত প্ৰাণ বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে উৎযাপন সমিতিৰ লগতে সমূহ গাওঁ বাসী। গাঁৱৰ সমূহ পুৰুষ মহিলা আৰু স্থানীয় স্বেচ্ছাসেৱী সংগঠন প্ৰয়াস সমাজ কল্যান সমিতিয়ে হাতত ঝড়ো,কোৰ,লৈ এই ঐতিহাসিক বৰগুৰিৰ বিভিন্ন স্থান সমূহ সুন্দৰকৈ পৰিস্কাৰ কৰাত ব্যস্ত হৈ পৰিছে। এই ভোগদিয়াত প্ৰতি বছৰে লাখ লাখ পাতিহাহঁ, পাৰ চৰাই, ভক্ত সকলে মনোবাঞ্চা পূৰণৰ অৰ্থে আগবঢ়াই আহিছে।এইবাৰো তাৰ ব্যতিক্ৰম ন'হব।এই ভোগ প্ৰস্তুত কৰিবলৈ উৎযাপন সমিতিয়ে গাঁৱৰ প্ৰায় ২০০ দেউৰী লগতে বহুসংখ্যক ভোলন্তিয়াৰৰ ব্যৱস্থা কৰিছে। Etv Bharat ৰ
জৰিয়তে অহা ৩ নৱেম্বৰত সমূহ ভক্তপ্ৰান ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উৎযাপন সমিতিয়ে।Conclusion:Byte -1/ উদ্যোক্তা।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.