ETV Bharat / state

অজন্তা নেওগৰ বিজেপি লৈ গমনৰ খবৰৰ পাচতে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট

author img

By

Published : Dec 20, 2020, 2:27 PM IST

কংগ্ৰেছী নেত্ৰী অজন্তা নেওগ বিজেপি লৈ গমনৰ খবৰৰ পাছতে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট ৷ অজন্তা নেওগে গোলাঘাটৰ এৰেঙ্গাপাৰাৰ নিজা বাসগৃহত পৃথকে পৃথকে সমষ্টিবাসীৰ লগত অনুষ্ঠিত কৰিছে আলোচনা সভা ৷

The political scenario has changed after a news of Ajanta Neog's move to the BJP
অজন্তা নেওগৰ বিজেপি লৈ গমনৰ খবৰৰ পাচতে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট

গোলাঘাট,20ডিচেম্বৰ: অজন্তা নেওগ বিজেপি লৈ গমন কৰাৰ খবৰ বিয়পি পৰাৰ পাচতেই হঠাৎ সলনি হৈ পৰিছে গোলাঘাটৰ ৰাজনৈতিক প্ৰেক্ষাপট । এফালে কংগ্ৰেছ আনফালে অজন্তাৰ তৎপৰতা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা দলে গোলাঘাটত অজন্তাৰ বিজেপি গমনৰ খবৰৰ পাচতেই বাহৰ পাতিছে গোলাঘাট আৰু দাঁতি-কাষৰীয়া অঞ্চলত ।

ঠিক একেদৰে অজন্তা নেওগে গোলাঘাটৰ এৰেঙ্গাপাৰাৰ নিজা বাসগৃহত সমষ্টিবাসীৰ পৰা সহাৰি বিচাৰি আলোচনাত মিলিত হৈছে । গোলাঘাটৰ প্ৰত্যেকখন পঞ্চায়তৰ পৰা উপস্থিত হৈছে লোক ৷ আলোচনাৰ শেষত অজন্তা বিজেপি লৈ যোৱা আৰু সহাৰি বিচৰা বুলি সাংবাদিকক জানিব দিয়ে উপস্থিত লোকে । অজন্তা বিজেপি লৈ গ'লেও অজন্তাৰ লগতে থকাৰ কথা কয় আলোচনাত মিলিত হোৱা সমষ্টিবাসীয়ে ।

ইয়াৰ বিপৰীতে গোলাঘাট সমষ্টিৰ গমাৰী, পুৰণা আঠখেলীয়া আদিত কংগ্ৰেছক পুনৰুদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে। সাংসদ গৰাকীয়ে সমষ্টিৰ কেইবাটাও অঞ্চলত দলীয় সভা অনুষ্ঠিত কৰিছে ৷

লগতে পঢ়ক: কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ সৈতে প্ৰাসংগিক প্ৰেক্ষাপট...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.