ETV Bharat / state

কৃষিমন্ত্ৰীৰ সমষ্টিত নাজল নাথল অৱস্থা কৃষকৰ - golaghat constituency

স্বয়ং কৃষিমন্ত্ৰীৰ সমষ্টিতে কৃষকৰ বিলৈ ৷ কাণসাৰ নাই মন্ত্ৰী গৰাকীৰ লগতে সংশ্লিষ্ট বিভাগৰ ৷ অভিযোগ অনুসৰি,চাৰিটাকৈ বানে জুৰুলা কৰি থৈ যোৱা কৃষকৰ কাষত আজিও পৰ্যন্ত ঠিয় নহ'ল মন্ত্ৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষ ৷

কৃষিমন্ত্ৰীৰ সমষ্টিতে অৱহেলিত কৃষক
কৃষিমন্ত্ৰীৰ সমষ্টিতে অৱহেলিত কৃষক
author img

By

Published : Jan 5, 2021, 7:52 PM IST

গোলাঘাট, 5 জানুৱাৰী: গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ পাৰৰ বৃহত্তৰ অঞ্চলৰ সৰু-বৰ চল্লিশখন গাঁৱৰ প্ৰধান খেতি হ'ল কুঁহিয়াৰ খেতি ৷ 2020 বৰ্ষৰ আহাৰ,শাওন, ভাদ,আৰু আহিনত অহা চাৰিটাকে বানে নিঃশেষ কৰিছিল অঞ্চলকেইটাৰ খেতিপথাৰসমূহ ৷ বহু সংখ্যক কৃষকৰ কঠীয়াৰ বাবেও নাথাকিল কুঁহিয়াৰৰ বীজ ৷ যাৰ বাবে সম্প্ৰতি অঞ্চলটো স্তব্ধ হৈ পৰিছে গুড়ৰ উৎপাদন ৷

খোদ কৃষিমন্ত্ৰীৰ সমষ্টিতে অৱহেলিত কৃষক

হাজাৰ হাজাৰ কুইণ্টল গুড়েৰে উজনি অসমৰ গুড়ৰ অভাৱ দূৰ কৰি আহিছিল অঞ্চলকেইটাত হোৱা কুঁহিয়াৰ খেতিয়ে ৷ কিন্তু এইবাৰৰ ছবি সম্পূৰ্ণ ওলোটা ৷ সমষ্টিটোৰ বিধায়ক অতুল বৰাই ৰাইজৰ প্ৰতি কোনো সঁহাৰি নজনোৱাত ক্ষুব্ধ হৈ পৰিছে সমষ্টিবাসী ৷ আনকি এইবাৰ ভোট খুজিবলৈ আহিলে তেওঁক উভটি ধৰাৰো হুংকাৰ প্ৰদান কৰিলে বান বিধ্বস্ত জনতাই ৷

হাজাৰ হাজাৰ কুইণ্টল গুড়েৰে উজনি অসমৰ গুড়ৰ অভাৱ দূৰ কৰি আহিছিল অঞ্চলকেইটাত হোৱা কুঁহিয়াৰ খেতিয়ে

মন্ত্ৰী গৰাকীয়ে বানৰ দৰে জটিল সন্ধিক্ষণতো কৃষকৰ সৈতে ঠিয় নোহোৱাৰ অভিযোগ ৰাইজৰ ৷ তেওঁৰ ভুমিকাক তীব্ৰ সমালোচনাৰে থকাসৰকাও কৰে কৃষিজীৱী বৃহত্তৰ অঞ্চলৰ লোকে ৷ কেৱল কুঁহিয়াৰেই নহয়,অন্যান্য ফচলৰ বীজো মন্ত্ৰীগৰাকীয়ে ৰাইজৰ যোগান নধৰাৰ অভিযোগে উত্থাপন হৈছে ৷

চাৰিটাকে বানে নিঃশেষ কৰিছিল অঞ্চলকেইটাৰ খেতিপথাৰসমূহ

এতিয়া নিজ সমষ্টিতে ভুক্তভোগী কৃষকৰ দ্বাৰা অনাদৃত হৈ পৰিছে কৃষি বিভাগৰ মন্ত্ৰী গৰাকী ৷ কৃষকৰ সমালোচনাৰ পাত্ৰ হৈ পৰিছে তেওঁ ৷ কিন্তু তাৰ মাজতো এতিয়াও তেওঁৰ পৰা অকণমান সহায়ৰ হাত বিচাৰে বানত বিধ্বস্ত কৃষক সকলে ৷ এই ক্ষেত্ৰত আগন্তুক দিনত মন্ত্ৰী গৰাকীয়ে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া সময়তহে লক্ষ্যণীয় হ'ব ৷

লগতে পঢ়ক: আগন্তুক দিনত আক্ৰমণৰ লক্ষ্য হৈ পৰিব ছাত্ৰ সন্থা: অতুল বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.