ETV Bharat / state

নুমলীগড় বায়'ৰিফাইনেৰী প্ৰকল্পত থলুৱা শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ - বায়'ৰিফাইনেৰী

প্ৰতিষ্ঠানটোত কৰ্মৰত বহু শ্ৰমিকক কামৰ পৰা চাটাই কৰাৰ লগতে বায়'ৰিফাইনেৰীৰ CEO গুনীন শৰ্মাই মইমতালী কৰি শ্ৰমিকৰ প্ৰাপ্য মজুৰি আদায় নিদিয়া বুলিও জানিবলৈ দিয়ে থলুৱা শ্ৰমিকসকলে ।

Numligarh refinery
নুমলীগড়
author img

By

Published : Jun 22, 2020, 3:20 PM IST

গোলাঘাট, 22 জুনঃ গোলাঘাটত নুমলীগড় বায়'ৰিফাইনেৰী প্ৰকল্পত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ থলুৱা শ্ৰমিকে । দৰাচলতে লক্​ ডাউনৰ অজুহাত দেখুৱাই নুমলীগড়ৰ জৈৱ শোধনাগাৰৰ পাঞ্জাব ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানটোত কৰ্মৰত থলুৱা শ্ৰমিকক উলিয়াই দিয়া বুলি অভিযোগ উত্থাপন কৰিছে একাংশ থলুৱা শ্ৰমিকে ৷

প্ৰতিবাদকাৰীৰ ভাষ্য অনুসৰি, প্ৰতিষ্ঠানটোত কৰ্মৰত বহু শ্ৰমিকক কামৰ পৰা চাটাই কৰাৰ লগতে বায়'ৰিফাইনেৰীৰ CEO গুনীন শৰ্মাই মইমতালী কৰি শ্ৰমিকৰ প্ৰাপ্য মজুৰি আদায় নিদিয়া বুলিও জানিবলৈ দিয়ে । বিগত দুমাহ ধৰি প্ৰতিষ্ঠানটোৰ পৰা উলিয়াই দিয়া থলুৱা শ্ৰমিকসকলক পুনৰ নিয়োগ কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বাৰম্বাৰ আবেদন নিবেদন জনায়ো কোনো সুফল লাভ কৰা নাই শ্ৰমিকসকল ৷

নুমলীগড় বায়'ৰিফাইনেৰী প্ৰকল্পত থলুৱা শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

লগতে পঢ়কঃ সোমবাৰে পুৱাৰ ভাগত দিল্লীৰ বিভিন্ন অঞ্চলত প্ৰৱল বৃষ্টিপাত

সেয়ে সোমবাৰে পুনৰ প্ৰতিবাদত নামি পৰে কৰ্মহীন থলুৱা শ্ৰমিকসকল ৷ অতিশীঘ্ৰে শ্ৰমিক সকলৰ প্ৰাপ্য মজুৰি আৰু সকলো সা সুবিধা তথা নিয়োগ নিশ্চিত নকৰিলে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.