ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ

আছু-কৃষক মুক্তি সংগ্ৰাম সমিতি- সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল সংঠনে তীব্ৰ বিৰোধিতা জনাইছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ৷ বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা গ'ল আছুৰ কেব বিৰোধী প্ৰতিবাদ ৷

author img

By

Published : Dec 5, 2019, 7:25 PM IST

protest in assam against cab
ৰাজ্যত কেব বিৰোধী প্ৰতিবাদ

নিউজ ডেস্ক, ডিচেম্বৰ 5 : কেন্দ্ৰীয় কেবিনেটে নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদত জনোৱাৰ পিচতেই বিধেয়ক বিৰোধী প্ৰতিবাদৰ জোৱাৰ উঠিছে ৰাজ্যত ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপি তথা অগপ নেতৃত্বৰ প্ৰৱেশ নিষিদ্ধ কৰিছে দল-সংগঠনে ৷ আছু-কৃষক মুক্তি সংগ্ৰাম সমিতি- সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল সংঠনে তীব্ৰ বিৰোধিতা জনাইছে এই বিধেয়কৰ ৷

protest in assam against cab
কেব নামানে ছাত্ৰ-ছাত্ৰীয়ে

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা গ'ল আছুৰ কেব বিৰোধী প্ৰতিবাদ ৷ মাজুলীত আছুৰ নেতৃত্বত ৰাজপথত নাগৰিকত্ব সংশোধনী বিধেয়ক দাহ কৰে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৷ যোৰহাট‌‌, তিনিচুকীয়াতো দল-সংগঠনে বিভিন্ন প্ৰতিবাদী শ্ল'গান দিয়াৰ লগতে সৰ্বানন্দ সোণোৱাল, নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰে ৷ গুৱাহাটী মহাবিদ্যালয়তো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ ছাত্ৰীয়ে ৷ এই বিধেয়ক কোনো কাৰণতে মানি লোৱা নহব বুলি স্পষ্ট কৰি দিয়ে ছাত্ৰসমাজে ৷

protest in assam against cab
ৰাজপথলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰী

গোলাঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, কেশৱ মহন্তৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷ টিংখাঙত ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ, আদিবাসী ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠনে বিক্ষোভ কাৰ্যসূচীৰে অৱস্থান ধৰ্মঘট কৰে । আটছা (স্বতন্ত্ৰ)ৰ নেতৃত্বত চাহ জনগোষ্ঠী লোকসকলে ধনু, কাঁড় লৈ ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান কৰে ৷

কেব বিৰোধী প্ৰতিবাদত উত্তাল ৰাজ্য

শিলচৰতো জাতি ধংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ কাছাৰ জিলা সমিতিয়ে ৷ ওদালগুৰি জিলাৰ টংলাত টংলা আঞ্চলিক ছাত্ৰ সন্থাই হাতে- হাতে প্লেকাৰ্ড লৈ “ কেব আমি নামালো, " মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে পৰিস্থিতি অধিক উত্তাল কৰি তোলাৰ হুংকাৰ দল-সংগঠন সমূহৰ ৷

লগতে পঢ়ক : চল্লিশটা বছৰে পদে পদে ঠগ খাই অহা অসমীয়া জাতি

Intro:টিংখাঙত কেব বিৰুধী প্ৰতিবাদ দল সংগঠনৰ । চৰকাৰক সকিয়নি ।

Body:টিংখাং- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে টিংখাঙত দল সংগঠনৰ উত্তাল প্ৰতিবাদ । টিংখাঙৰ ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভোজপুৰি যুৱ ছাত্ৰ পৰিষদ, আদিবাসী ছাত্ৰ সন্থা, গোৰখা ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠনে ৰাজগড়ত বিক্ষোভ কাৰ্যসূচিৰে অৱস্থান ধৰ্মঘট কৰে । সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ,' বিজেপি গ' বেক,নৰেন্দ্ৰ মোদী হুচিয়াৰ ' " বিজেপি চৰকাৰ হুচিয়াৰ ' আদি প্ৰতিবাদী শ্ল'গানেৰে উত্তাল কৰি তোলে।প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি কোনো কাৰণতে কেব মানি লোৱা নহব বুলি সকিয়নি প্ৰদান কৰিছে ।

বাইট-১,২,প্ৰতিবাদকাৰী।

টিংখাঙৰ পৰা দীপক গগৈ।Conclusion:Doo
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.