সৰুপথাৰ, 29 অক্টোবৰ : সৰুপথাৰৰ উৰিয়ামঘাট সীমান্তৰ 2 নং মধুপুৰ গাঁৱৰ দৈয়াং নৈৰ পাৰত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক গুলীয়াগুলি(Gunfire)ৰ ঘটনা ৷ নৈৰ পাৰত শিল খনন(Stone Mining)ক লৈ শিল ব্যৱসায়ীৰ মাজত সংঘটিত হয় এই গুলীয়াগুলি ৷ গুলিবিদ্ধ ব্যৱসায়ী দুজন ক্ৰমে হামিদ আলী আৰু আনোৱাৰ হুছেইন ৷
আহত ব্যৱসায়ী দুজনক ততাতৈয়াকৈ সৰুপথাৰৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷ শিল ব্যৱসায়ী হামিদ আলীয়ে জনোৱা মতে, নিশা 10.30 বজাত 2 নং মধুপুৰ গাঁৱৰ দৈয়াং নৈৰ পাৰত থকা তেওঁৰ মাটিত অবৈধভাৱে শিল খনন কৰি থকাৰ খবৰ পাই তেওঁ সেই স্থানত উপস্থিত হৈছিল ৷
তেনে সময়তে অন্য শিল ব্যৱসায়ী হাফিজুৰ ৰহমান, চাহানুৰ আৰু চাহাৰ ওৰফে(ডন)য়ে হামিদৰ ওপৰত গুলীচালনা কৰে । ইয়াৰ পাচতে হামিদৰ বাঁও ভৰিখনত গুলি লাগে আৰু তেওঁ তাৰ পৰা গুচি যায় ৷ আনহাতে, গুলিবিদ্ধ আনোৱাৰ নামৰ শ্ৰমিকজনৰ অনুসৰি, শিল ব্যৱসায়ী হামিদ আলিয়ে এখন স্কৰপিঅ’ বাহন লৈ তিনি সতীৰ্থৰ সৈতে নিশা 2 বজাত আনোৱাৰৰ বাসগৃহত উপস্থিত হয় আৰু শোৱাপাটিতে আনোৱাৰক গুলিয়ায় ।
আনোৱাৰৰো বাঁও ভৰিত গুলি লাগে । জানিব পৰা মতে, আনোৱাৰ হুছেইন হৈছে চাহানুৰ নামৰ শিল ব্যৱসায়ীজনৰ মহৰি । শিল ব্যৱসায়ক লৈ হামিদ আৰু চাহানুৰৰ মাজত দীর্ঘ দিনৰ পৰাই সংঘাত অব্যাহত আছিল ৷ দুয়োপক্ষই উৰিয়ামঘাট বন বিভাগ(Forest Department)ক মেনেজ কৰি প্ৰতিনিশাই সীমান্তৰ দৈয়াং নৈৰ পাৰত অবৈধভাৱে শিল খনন কৰি আহিছিল ।
গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, শিল ব্যৱসায়ীৰ হাতত এতিয়া অবৈধ মাৰাণাস্ত্ৰ সহজলভ্য হৈ পৰিছে । অবৈধ মাৰাণাস্ত্ৰৰ সৈতে অসম-নাগালেণ্ড সীমান্তত শিল ব্যৱসায়ীৰ দপদপনি কোনো নতুন কথা নহয় ৷ কিন্তু এই অবৈধ বেহাত যদি কোনো চৰকাৰী পক্ষ জড়িত আছে, সেয়াহে এক ভাবিবলগীয়া বিষয় ৷
লগতে পঢ়ক : নিৰ্দয়! পথৰ দাঁতিত উদ্ধাৰ নৱজাতকৰ মৃতদেহ