গোলাঘাট,11অক্টোবৰঃ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ আলোড়নকাৰী অসমীয়া ছবি "ৰত্নাকৰ"এ গৰকিলে মুক্তি লাভৰ প্ৰথম বৰ্ষ ৷ অসমবাসী ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰি একপ্ৰকাৰ অসমীয়া ছবি জগতলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ৷ দেওবাৰে ছবিখনৰ বৰ্ষপূতি উপলক্ষে জে.বি প্ৰডাকচনে ৰাজ্যৰ ৩৩ খন জিলাৰ নিৰ্বাচিত শিল্পীলৈ আগবঢ়ায় বিশেষ সন্মান ৷
ৰত্নাকৰৰ বৰ্ষপূতি উপলক্ষে লোকশিল্পী তথা গোলাঘাটৰ সন্তান বিপুল চেতীয়া ফুকনলৈও আগবঢ়োৱা হয় এই বিশেষ সন্মান ৷ জে.বি প্ৰডাকচনৰ দলে শিল্পী গৰাকীৰ বাসগৃহত উপস্থিত হৈ মান পত্ৰ, গামোছা আৰু নগদ ধনেৰে শিল্পীগৰাকীক সন্মান আগবঢ়ায় ৷ আনহাতে, এই সন্মান লাভ কৰি আনন্দ প্ৰকাশ কৰে লোকশিল্পী বিপুল চেতীয়া ফুকনে ৷
লগতে পঢ়কঃপঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ