সৰুপথাৰ,২২ আগষ্ট : অসমৰ বিদ্যুৎ বিভাগত (Electricity Department) এতিয়া অৰাজকতা চলিছে ! বিদ্যুতৰ লুকা-ভাকুটো বেলেগে কথা এইবাৰ আন এক অভিযোগ উত্থাপন হৈছে বিভাগটোৰ বিৰুদ্ধে । অভিযোগ অনুসৰি বিদ্যুৎ বিভাগে অবৈধভাৱে বিদ্যুতৰ বিল নিৰ্ধাৰণ কৰে । বিদ্যুৎ মিটাৰৰ হিচাপ নোলোৱাকৈয়ে বিল নিৰ্ধাৰণ কৰে বুলি এই গুৰুতৰ অভিযোগ উঠিছে ।
যাৰ বাবে সাধাৰণ গ্ৰাহকে মাহত ৫০০ টকা বিলৰ পৰিৱৰ্তে কেইবাহাজাৰ টকা পৰ্যন্ত পৰিশোধ কৰিবলগীয়া হয় । বিদ্যুৎ বিভাগৰ এনে অবাধ লুণ্ঠন বন্ধ কৰাৰ দাবীত জাঙুৰ খাই উঠে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি (Satra Mukti Sangram Samiti) । গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি (SMSS) আৰু একাংশ ভুক্তভোগী লোকে দেওবাৰে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
প্ৰায় শতাধিক লোকে সৰুপথাৰ বিদ্যুৎ বিভাগৰ উপ সংমণ্ডলৰ কাৰ্যালয়ৰ সম্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে । হাতে হাতে প্লে' কাৰ্ড লৈ বিভাগটোৰ লগতে চৰকাৰৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদকাৰী অহা দেখি উপ সংমণ্ডলৰ কাৰ্যালয়ৰ মূল গেটত তলা লগাই দিয়ে কৰ্তৃপক্ষই । অৱশ্যে বহু সময় প্ৰতিবাদ কৰাৰ পাছত প্ৰতিবাদকাৰীৰ আহ্বান মৰ্মে তলা খুলি দিয়ে কাৰ্যালয়ৰ কৰ্তৃপক্ষই ।
তাৰ পাছতে প্ৰতিবাদকাৰীৰে বৈঠকত মিলিত হয় বিদ্যুৎ বিভাগৰ শীৰ্ষ বিষয়াসকল । লক্ষণীয়ভাৱে এই আলোচনাত নিজৰ ভুল স্বীকাৰ কৰে উপ-সংমণ্ডলৰ বিষয়াই । ইফালে প্ৰতিবাদকাৰীসকলে কম দিনৰ ভিতৰতে বিভাগটোৰ এনে কাম বন্ধ কৰি সকলো সমস্যা সমাধানৰ বাবে দাবী জনায় । যদিহে তেনেধৰণৰ ভুলৰ পুনৰাবৃত্তি হয় ইয়াতকৈও ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক:চৰকাৰী চাকৰিত জনসংখ্যা নীতি : অৱশেষত জাৰি হ'ল জাননী