গোলাঘাট, ১৫ ফেব্ৰুৱাৰীঃ শুকুৰবাৰে গোলাঘাটত ঐতিহাসিক অসম চুক্তিৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে। "ভাৰত মাতা কি জয়","অসম চুক্তিৰ ৫ নং দফা বাতিল কৰক" ইত্যাদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি সংগঠনটোৱে দাহ কৰে অসম চুক্তিৰ চুক্তিৰ ৫ নং অনুচ্ছেদৰ প্ৰতিলিপি। অসম চুক্তিত উল্লেখ থকা বিদেশী বহিষ্কৰণৰ সময়সীমা ১৯৭১ চনৰ পৰিবৰ্তে ১৯৫১ চন কৰাৰ দাবীত সাব্যস্ত হয় এই প্ৰতিবাদ।
"অসম চুক্তি" দাহেৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - ঐতিহাসিক অসম চুক্তি
বিদেশী বহিষ্কৰণৰ সময়সীমা ১৯৭১ চনৰ পৰিবৰ্তে ১৯৫১ চন কৰাৰ দাবী
"অসম চুক্তি" দাহেৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
গোলাঘাট, ১৫ ফেব্ৰুৱাৰীঃ শুকুৰবাৰে গোলাঘাটত ঐতিহাসিক অসম চুক্তিৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে। "ভাৰত মাতা কি জয়","অসম চুক্তিৰ ৫ নং দফা বাতিল কৰক" ইত্যাদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি সংগঠনটোৱে দাহ কৰে অসম চুক্তিৰ চুক্তিৰ ৫ নং অনুচ্ছেদৰ প্ৰতিলিপি। অসম চুক্তিত উল্লেখ থকা বিদেশী বহিষ্কৰণৰ সময়সীমা ১৯৭১ চনৰ পৰিবৰ্তে ১৯৫১ চন কৰাৰ দাবীত সাব্যস্ত হয় এই প্ৰতিবাদ।
Golaghat 15.02.2019
SLUG : GOLAGHAT PROTEST
A_GLT_805_15FEB_GOLAGHAT_PROTEST_VISUAL_1_DIGANTA_SAHU
A_GLT_806_15FEB_GOLAGHAT_PROTEST_BYTE_1_DIGANTA_SAHU
O.C : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ শাম কাটোতে এইবাৰ প্ৰতিবাদত নামিল হিন্দু যুৱ ছাত্ৰ পৰিষদে। অসম চুক্তিৰ ৫ নং অনুচ্ছেদৰ ৮ নং দফাৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ। অসম চুক্তিত উল্লেখ থকা ১৯৭১ চনৰ পৰিবৰ্তে ১৯৫১ চন কৰাৰ দাবী। হিন্দু যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিয়ে খুমটাই চাহ বাগিছাত এই প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ অভিযোগ ভাৰতৰ প্ৰতিটো ৰাজ্যতে ১৯৫১ চন থকাৰ পিছতো অসম চুক্তিত কিয় অসমৰ বাবে ১৯৭১ চনটো ধৰি দিয়া হয়। অসম আন্দোলনত ৮৫৫ জন শ্বহীদ হোৱাৰ পিছতো NRC ত ১৯৭১ চনটো ধাৰ্য্যৰে কাম কৰাৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰীয়ে।
Byte 1: প্ৰতিবাদ কাৰী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
বি: দ্ৰ: -- ভিজুৱেল বাইট mojo ত গ'ল।