ETV Bharat / state

কৃষি বিপ্লৱৰ নিদৰ্শন দাঙি ধৰা গোলাঘাটৰ শিখামণি - গোলাঘটাৰ শিখামণি

আমাৰ পথাৰ আমাৰ বজাৰ দখলৰ লক্ষ্য মনত লৈ ওলাই অহা গোলাঘাটৰ এগৰাকী যুৱতী ৷ পাৱাৰটিলাৰেৰে বোকাময় পথাৰত হাল বাই যুৱতীগৰাকীয়ে দেখুৱাইছে কৃষি বিপ্লৱৰ নিদৰ্শন ৷

গোলাঘটাৰ শিখামণি
গোলাঘটাৰ শিখামণি
author img

By

Published : Aug 22, 2020, 6:35 PM IST

Updated : Aug 22, 2020, 8:56 PM IST

গোলাঘাট, 22 আগষ্ট: স্নাতক ডিগ্ৰী লাভ কৰি চৰকাৰী চাকৰিলৈ বাট নাচাই সম্প্ৰতি কৃষি কৰ্মত মনোনিৱেশ কৰা শিখামণি বৰা নামৰ যুৱতীগৰাকীয়ে, সেই কাম কৰাৰ বাবে অধিক অনুপ্ৰাণিত হৈছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ পৰা ৷ তাৰোপৰি পিতৃৰ শাৰিৰীক অসুস্থতা আদি ভিন্ন কাৰণত শিখামণিয়ে বাছি ল'বলগীয়া হৈছে কৃষিকৰ্মৰ পথ ৷

উল্লেখ্য যে, বহুলোকে শিখামণিক পাৱাৰটিলাৰ চলোৱাটো উজু কাম বুলি কৈছিল যদিও, শিখামণিয়ে উল্লেখ কৰা অনুসৰি পাৱাৰটিলাৰ চলোৱাটো আনে ভবাৰ দৰে ইমান উজু নহয় ৷ সকলো বাধা, কষ্টক নেওচি শিখামণিয়ে আজি কৃষি কৰ্মৰে নিজৰ লগতে নিজৰ পৰিয়ালৰো উপাৰ্জনৰ পথ মুকলাবলৈ সক্ষম হৈছে ৷ শিখামণিয়ে যোৱা বৰ্ষৰ পৰাই খেতি কৰি পিতৃ মাতৃক সকাহ দি আহিছে ৷ অকল হাল বোৱাই নহয়, কঠিয়া পৰাৰ পৰা আদি কৰি চাহপাত চিঙা, তাঁত বোৱা, কোৰ মৰা আদি সকলো কামতে পাৰ্গত শিখামণি ৷ সকলো যুৱক-যুৱতীক কৃষিকৰ্মৰ জৰিয়তে জীৱনত আগুৱাই যাবলৈ আহ্বান জনালে উদ্যমী যুৱতী শিখামণিয়ে ৷ লগতে চৰকাৰকো এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণৰ বাবে অনুৰোধ জনালে শিখামণিয়ে ৷

কৃষি বিপ্লৱৰ নিদৰ্শন দাঙি ধৰা গোলাঘটাৰ শিখামণি

শিখামণিৰ এই কামৰ বাবে তাই বহু লোকৰ লগতে স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ পৰা পাইছে যথেষ্ট সহাৰি ৷ কেৱল স্থানীয় জনপ্ৰতিনিধি গৰাকীৰ বাবেই তাই আজি সকলোৰে সন্মুখত আত্মপ্ৰকাশ কৰিব পাৰিছে বুলি উল্লেখ কৰে শিখামণিয়ে ৷ যি সময়ত বহু নৱ প্ৰজন্মই নিজৰ পথাৰখন চিনি নপায়, তেনে সময়তে শিখামণি যেন তেনে লোকৰ মাজত এক উজ্বল নক্ষত্ৰ হৈ জিলিকি ৰৈছে ৷ শিখামণিৰ কৰ্ম দক্ষতাক লৈ গৌৰৱান্বিত অঞ্চলটোৰ লোকৰ লগতে নিজ পিতৃ-মাতৃও ৷

লগতে পঢ়ক: যোৰহাটত অনুষ্টুপীয়াকৈ গনেশ চতুৰ্থী পালন

Last Updated : Aug 22, 2020, 8:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.