গোলাঘাট, 19 আগষ্ট: বুধবাৰে গোলাঘাট আৰক্ষীৰ তৎপৰতাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় 7 জনীয়া এটা ডকাইতৰ দল ৷ দলটোৰ ভিতৰত থকা এজন লোক সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ ইছা খান নামৰ যোৰহাটৰ এগৰাকী ব্যৱসায়ীক সামগ্ৰী ক্ৰয় কৰিবলৈ আহোতে গোলাঘাট নগৰৰ ৰাজু আলি, শ্যামল চান্দো, বাবু আলি, ৰোস্তম হুছেইন, ৱাছিম আখতাৰ, ৰাজু শ্যাম আৰু জামিদুল হুছেইন নামৰ লোক কেইজনে ষড়যন্ত্ৰ কৰি গোলাঘাটৰ বেঙেনাখোৱালৈ লৈ যায় ৷
আৰক্ষীৰ লগতে ডকাইতিৰ বলি হোৱা ভুক্তভোগী লোক গৰাকীয়ে উল্লেখ কৰা অনুসৰি, বেঙেনাখোৱাত ইছা খানক ৮ জনীয়া ডকাইতৰ দলটোৱে মাৰণাস্ত্ৰ দেখুৱাই প্ৰাণৰ ভাবুকি প্ৰদান কৰি লুটি নিয়ে 3 লাখ 75 হাজাৰ টকা ৷ ব্যৱসায়ী গৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীক অৱগত কৰাৰ পাচতেই ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত কৰি 7 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ সমগ্ৰ ঘটনা জামিদুল হুছেইন নামৰ অভিযুক্ত জনৰ নেতৃত্বত সংঘটিত হয় বুলি উল্লেখ কৰে আৰক্ষীয়ে ৷ বিগত ১৬ আগষ্টত সংঘটিত ঘটনা সন্দৰ্ভত স্বীকাৰোক্তিও প্ৰদান কৰে এজন অভিযুক্তই ৷
লগতে পঢ়ক: বঙাইগাঁও আৰক্ষীৰ তৎপৰতাত উৎখাত জুৱাৰ ঘাটি