ETV Bharat / state

সৰুপথাৰৰ বহুকেইটা অঞ্চল কন্টইনমেন্ট জ‘ন হিচাপে ঘোষণা

author img

By

Published : Jul 5, 2020, 10:37 PM IST

সৰুপথাৰ কংগ্ৰেছ অফিচৰ ওচৰৰ, ২নং মধুপুৰ, ৩নং দয়ালপুৰ,৩নং ৰজাপুখুৰী, খেৰবাৰী, টেঙানীৰ ১নং কেকুৰী অঞ্চল কেইটা কন্টেইনমেন্ট জ‘ন হিচাপে ঘোষণা প্ৰশাসনৰ ৷

sarupathar-contantman-zone-decler-six-place-administration
সৰুপথাৰত ছ‘টাকৈ অঞ্চল কন্টইনমেন্ট জ‘ন ঘোষণা

সৰুপথাৰ,5জুলাইঃ গোলাঘাট জিলাৰ সৰুপথাৰত কৰ'ণা অধিক ৰূপত সংক্ৰমণ হ‘বলৈ ধৰিছে ৷ পৰিস্থিতি গণ সংক্ৰমণৰ দিশে যোৱা বুলি আশংকা প্ৰকাশ কৰি আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ বৰ্তমান ছটাকৈ অঞ্চল কন্টেইনমেন্ট জ‘ন হিচাপে ঘোষণা কৰিছে মহকুমা প্ৰশাসনে ৷ সৰুপথাৰ কংগ্ৰেছ অফিচৰ ওচৰৰ ২নং মধুপুৰ, ৩নং দয়ালপূৰ, ৩নং ৰজাপুখুৰী, খেৰবাৰী, টেঙানীৰ ১নং কেকুৰী অঞ্চল কেইটা কণ্টেইমেণ্ট জন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷ সম্প্ৰতি অঞ্চলকেইটাত 7 গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ ৷

উল্লেখযোগ্য যে, বিগত 10 দিন ধৰি আটাই কেইজন লোক কোৱাৰেন্টাইন কেন্দ্ৰত আছিল আৰু স্ৱাৱৰ ফলাফল নোপোৱাকৈ তেঁওলোকক ঘৰলৈ আহিবলৈ অনুমতি প্ৰদান কৰিছিল স্বাস্থ্য বিভাগে ৷ বৰ্তমান স্ৱাৱৰ ফলাফলত আটাইকেইজনৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰাৰ পিছতেই আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷ কিয়নো তেঁওলোক ঘৰলৈ আহি মুক্ত মনে বিভিন্ন ঠাইলৈ অহা-যোৱা কৰাৰ লগতে বিভিন্ন জন ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল ৷ বৰ্তমান আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে ৷

লগতে পঢ়কঃ আৰক্ষী বিষয়া সহ 19জন আক্ৰান্ত কৰ'ণা ভাইৰাছত
!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.