ETV Bharat / state

নগাঁৱৰ লগতে গোলাঘটত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা - গণতন্ত্ৰ দিৱস

গণতন্ত্ৰ দিৱসৰ দিনাই গোলাঘাট জিলাত দুটাকৈ পথ দুৰ্ঘটনা হোৱাৰ লগতে জখলাবন্ধাৰ বাণিজ‍্য কেন্দ্ৰ ৩৭ নং ৰাষ্ট্ৰীয ঘাইপথৰ দাঁতিতো সংঘটিত হয় আন এক পথ দুৰ্ঘটনা ৷

গোলাঘটত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা
গোলাঘটত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা
author img

By

Published : Jan 27, 2020, 12:04 AM IST

গোলাঘাট, 26 জানুৱাৰীঃ গোলাঘাট জিলাৰ খুমটাই ধোধৰ আলিত তীব্ৰ বেগী এখন গাড়ীয়ে মহতিয়াই নিয়ে এগৰাকী কিশোৰীক ৷ কিশোৰীক গৰাকী খুমটাই পূবালী বৰা বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি গোলাঘাটৰ আদৰ্শ চিকিৎসালত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী ৷

তীব্ৰ বেগী এখন গাড়ীয়ে মহতিয়াই নিয়ে এগৰাকী কিশোৰীক

আনহাতে একেটা দিনতে গোলাঘাটত সংঘটিত হয় আন এক দুৰ্ঘটনা ৷ দুৰ্ঘটনাত প্ৰায় ১২ জন লোক আহত হোৱাৰ লগতে এজন লোক নিহত হয় ৷ জানিব পৰা মতে, কালীয়নী বুদ্ধ মন্দিৰত পিকনিক খাই ঘূৰি আহি থকাৰ সময়ত বকিয়াল নপামত সংঘটিত হয় দুৰ্ঘটনাটো ৷ আহত লোক সকলৰ ততাতৈয়াকৈ উন্নত চিকিৎসাৰ লৈ যোৱা হয় ৷

১২ জন লোক আহত হোৱাৰ লগতে এজন লোক নিহত

ইফালে জখলাবন্ধাৰ বাণিজ‍্য কেন্দ্ৰ ৩৭ নং ৰাষ্ট্ৰীয ঘাইপথৰ দাঁতিত সংঘটিত হয় আন এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত মিছা পানী গাঁৱৰ বকুল কৰ্মকাৰ নামৰ লোকজন নিহত হোৱা বুলি জানিব পৰা গৈছে ৷ গুৰুতৰভাৱে আহত হয় দুগৰাকী লোক ৷ যোৰহাটৰ দিশৰ পৰা নগাঁৱৰ দিশলৈ গৈ থকা বলেৰ' এখনে লগতে পাঁচখন বাহন মহতিয়াই পথৰ দাঁতিত বাগৰি পৰে ৷ আহত লোক কেইগৰাকীক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে ৷

বাণিজ‍্য কেন্দ্ৰ ৩৭ নং ৰাষ্ট্ৰীয ঘাইপথৰ দাঁতিত সংঘটিত হয় আন এক পথ দুৰ্ঘটনা

লগতে পঢ়ক ঃ ডিব্ৰুগড়ৰ মাইজান বৰপুল বিলত তিনিজন যুৱকৰ সলিল সমাধি

Intro:খুমটাই ধোদৰ আলিত আতংক তীব্ৰ বেগী গাড়ীয়ে মহতিয়াই নিলে কিশোৰীক।

Body:গোলাঘাট জিলাৰ খুমটাই ধোধৰ আলিত তীব্ৰ বেগী ফ্লেট লিনীয়া গাড়ীৰ আতংক । ধুদৰ আলি কমাৰগাঁওৰ পৰা গোলাঘাট অভিমুখে তীব্ৰ বেগত যোৱা গাড়ীখনে মহতিয়া নিয়ে এগৰাকী কিশোৰীক। কিশোৰীক গৰাকীৰ নাম পূবালী বৰা, ঘৰ খুমটাইত আহত কিশোৰী গৰাকীক বৰ্তমান আদৰ্শ চিকিৎসালত চিকিৎসাধীন । তীব্ৰ বেগত যোৱা AS01AM-8169 নম্বৰৰ লিনিয়া গাড়ীখনে খুমটাই ত দুৰ্ঘটনা কৰি গোলাঘাট অভিমুখে ৰাওনা হয় । গাড়ীখনৰ গতিবেগ ইমানেই তীব্ৰ আছিল যে গাড়ীখনৰ আগ ফালৰ চকাৰ টায়াৰ জ্বলি হেক হৈ গৈছিল ।গাড়ীখনৰ চকাত টায়াৰ নথকাকৈ চলাই যোৱাৰ ফলত পথত জুই ফিৰিঙতি দেখা পোৱা গৈছিল । তীব্ৰ বেগী গাড়ীখন পিছত চিনাতলীৰ চাৰিআলি ৰেল ক্ৰছিং ওচৰত এৰি পলায়ন কৰে গাড়ী চালক জনে । গোৱাহাটী পঞ্জীয়ন থকা গাড়ী খন চুৰ কৰি অনাৰ সন্দেহ কৰিছে স্থানীয় লোকে । গাড়ীত এটা মদৰ বটল প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । ঘনাটনা স্থলীত উপস্হিত হৈছে আৰক্ষী ।

Conclusion:Byte: 1 স্থানীয় ব্যক্তি ।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট Etv Bharat অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.