ETV Bharat / state

আৰক্ষীৰ গুলীত আহত গঁড় চিকাৰী: কি কয় বোকাখাত আৰক্ষীয়ে ? - rhino poacher injured in police firing

আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত কুখ্যাত গঁড় চিকাৰী ৷ 2009 চনৰ পৰা 2020 চনলৈ গঁড় চিকাৰৰ লগত জড়িত বহু কেইটা গোচৰত অভিযুক্ত থাংগৌসিং খামখৌপক গুলিওৱা সন্দৰ্ভত আৰক্ষীৰ মন্তব্য প্ৰকাশ ৷ NSCN ৰ আশীষপুষ্ট মণিপুৰৰ উগ্ৰপন্থী সংগঠন ZRA ৰ সদস্য আছিল থাংগৌসিং খামখৌপ ৷

bokakhat-police-firing-injured-a-rhino-hunter
বোকাখাতত আৰক্ষীৰ গুলীত আহত কুখ্যাত গড় চিকাৰী
author img

By

Published : Jul 22, 2021, 10:31 PM IST

বোকাখাত,22 জুলাই: বুধবাৰে বোকাখাতত (BOKAKHAT POLICE) আৰক্ষীৰ গুলীত আহত হয় 2009 চনৰ পৰা 2020 চনলৈ গঁড় চিকাৰৰ লগত জড়িত বহু কেইটা গোচৰত অভিযুক্ত থাংগৌসিং খামখৌপ ৷ ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি আৰক্ষীৰ গুলীত আহত থাংগৌসিং খামখৌপ NSCN ৰ আশীষপুষ্ট মণিপুৰৰ উগ্ৰপন্থী সংগঠন ZRA ৰ সদস্য আছিল বুলি জানিবলৈ দিছে ৷ এই দুৰ্ধষ চোৰাং চিকাৰীটোৰ বিৰুদ্ধে বোকাখাত আৰু জখলাবন্ধা আৰক্ষী থানাত ৰুজু হৈ আছে বহুকেইটা গোচৰ ।

বোকাখাতত আৰক্ষীৰ গুলীত আহত কুখ্যাত গড় চিকাৰী

সেই অনুসৰি, মনিপুৰৰ চূড়াচান্দপুৰৰ পৰা বিগত ১২ জুলাইত বোকাখাত আৰক্ষীয়ে আটক কৰিছিল থাংগৌসিং নামৰ দুধৰ্ষ গঁড় চিকাৰীটোক । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বুধবাৰে নিশা প্ৰায় ১১ বজাত বোকাখাত আৰক্ষীৰ এটা দলে চোৰাংচিকাৰীটোক বোকাখাতৰ পানবাৰী ৰিজাৰ্ভ ফ‘ৰেষ্টলৈ গৈছিল ৷ ধৃত গঁড় চিকাৰীটোৱে লুকুৱাই ৰখা AK ছিৰিজৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিহলৈ আৰক্ষীয়ে চোৰাংচিকাৰীটোক লগত লৈ পানবাৰী ৰিজাৰ্ভ ফ‘ৰেষ্টলৈ গৈছিল ৷

সেই সময়তে আৰক্ষী জোৱান জোৱেল গগৈক ঠেলা মাৰি বন্দুক লৈ পলাবলৈ চেষ্টা কৰে চোৰাং চিকাৰীটোৱে । প্ৰথমে গঁড় চিকাৰীটোক ৰখাবলৈ আৰক্ষীয়ে শূণ্যলৈ দুই জাঁই গুলী কৰাৰ পিছতো, পলাবলৈ চেষ্টা কৰাত পুনৰ আৰক্ষীয়ে দুই জাঁই গুলী কৰাত ধৃত গঁড় চিকাৰীটোৰ সোঁভৰিত গুলী লাগে । ইফালে আৰক্ষী জোৱান জুৱেল গগৈয়ে ঘটনাটোৰ ফলত হাত আৰু মূৰত আঘাত পাইছে বুলি জানিব পৰা গৈছে ।

এই ঘটনাৰ পাচতে আৰক্ষীয়ে ততাতৈয়াকৈ নিশাই আহত জোৱান জুৱেল গগৈক যোৰহাটত চিকিৎসাৰ বাবে ভৰ্তি কৰে ৷ ইয়াৰ বিপৰীতে ধৃত গড় চিকাৰীটোক ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে । মন কৰিবলগীয়া যে, কাজিৰঙাৰ গঁড় হত্যা, অস্ত্ৰ সৰবৰাহৰ লগত জড়িত আছিল ধৃত চোৰাং চিকাৰীটো

লগতে পঢ়কঃ অৰুণাচল প্ৰদেশৰ লংডিঙত দুজন NSCN সদস্যৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.