ETV Bharat / state

কলিয়াবৰ আৰক্ষীৰ জালত চোৰাং চিকাৰী - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কলিয়াবৰ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰাং চিকাৰী আখতাৰ আলি । আখতাৰ আলিৰ স্বীকাৰোক্তিৰ ভিত্তিতে গ্ৰেপ্তাৰ আন এটা চিকাৰী আচমত আলি ।

কলিয়াবৰ আৰক্ষীৰ জালত চোৰাং চিকাৰী
author img

By

Published : Jun 7, 2019, 11:11 PM IST

কলিয়াবৰ, ৭ জুন : ২০১৮ বৰ্ষৰ ১৫ ডিচেম্বৰত কাজিৰঙাৰ বাগৰি ৰেঞ্জৰ সমীপতে সংঘটিত গঁড় হত্যা ঘটনাই এতিয়া নিদ্ৰা হৰিছে কাজিৰঙা বন বিভাগৰ। কিয়নো এইটো গঁড় হত্যাৰ প্ৰতিবেদন দাখিল কৰিব লাগে ভাৰত চৰকাৰক। বাগৰি ৰেঞ্জৰ পৰ্যটক প্ৰৱেশৰ মূল পথত ১৫ ডিচেম্বৰৰ পুৱা পৰ্যটকে প্ৰত্যক্ষ কৰিছিল খৰ্গবিহীন গঁড়টোৰ মৃতদেহ। গঁড় হত্যাৰ প্ৰতিবেদন দাখিল কৰিবলৈ গৈ কাজিৰঙা বন বিভাগে ৰচনা কৰা নাটকৰ বিস্ফোৰক তথ্য এইবাৰ ফাদিল কৰিলে কলিয়াবৰ আৰক্ষীয়ে। আখতাৰ আলিক বন বিভাগে জখলাবন্ধা আৰক্ষীৰ সহযোগত ৮ মে তাৰিখে আটক কৰি বাগৰি ৰেঞ্জৰ লক আপত বন্দী কৰি থোৱাৰ সময়তে ১৩ মে'ত চোৰাং চিকাৰীটোৱে বন বিভাগৰ জিন্মাৰ পৰা পলায়ন কৰিছিল। ইয়াৰ পাছতে ৪ জুনৰ নিশা কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে চামগুৰি থানা এলেকাৰ পৰা আটক কৰে আখতাৰ আলিক।

কলিয়াবৰ আৰক্ষীৰ জালত চোৰাং চিকাৰী
আখতাৰ আলিৰ তথ্যৰ ভিত্তিতে ১৫ ডিচেম্বৰৰ গঁড় হত্যাৰ গোচৰত কাজিৰঙা বন বিভাগে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা চোৰাং চিকাৰী, ছাহিদুল, আন্নাৰ আৰু জিয়াৰুলে আৰক্ষীক দিয়া স্বীকাৰোক্তিত পোহৰলৈ আহিছে কাজিৰঙাৰ বাগৰি ৰেঞ্জ এলেকাৰ দেওপানী আৰু দুখু কেম্পৰ মাজত বান্দৰ খালত দুমাহ পূৰ্বে আন এটা গঁড় হত্যা সংঘটিত হোৱা ঘটনা। ছাহিদুল, আন্নাৰ, জিয়াৰুল আৰু আখতাৰৰ সৈতে ১১জনীয়া চোৰাং চিকাৰীৰ দলে গঁড় টো হত্যা কৰি খৰ্গ লৈ উধাও হোৱাৰ কথা স্বীকাৰ কৰিছে।

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যাত জড়িত দুৰ্ধৰ্ষ চোৰাং চিকাৰী আখতাৰ আলিৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে আন এটা চিকাৰী আচমত আলিক । কলিয়াবৰ আৰক্ষী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যুটীয়া অভিযান চলাই আচমত আলিক গ্ৰেপ্তাৰ কৰে ।

Intro:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যা ঘটনাৰ নতুন মোৰ, আখতাৰ আলিৰ বিস্ফোৰক স্বীকাৰোক্তি
পলাতক চোৰাং চিকাৰী আখতাৰ আলিৰ চিকাৰোক্তিৰ পিচতেই কাজিৰঙা বন বিভাগে নাটকীয় ভাবে আটক কৰিলে চোৰাং চিকাৰী আচমত আলিক।Body:২০১৮ বৰ্ষৰ ১৫ ডিচেম্বৰত কাজিৰঙাৰ বাগৰি ৰেঞ্জৰ সমীপতে সংঘটিত গঁড় হত্যা ঘটনাই এতিয়া নিদ্ৰা হৰিছে কাজিৰঙা বন বিভাগৰ। গঁড় হত্যাৰ তথ্য গোপন কৰি বিপদত কাজিৰঙা উদ্যান কতৃপক্ষ। বন বিভাগৰ সৈতে চোৰাং চিকাৰীৰ গোপন মিতিৰালি।
২০১৮ বৰ্ষৰ ১৫ ডিচেম্বৰত কাজিৰঙাৰ বাগৰি ৰেঞ্জৰ সমীপতে সংঘটিত গঁড় হত্যা ঘটনাই এতিয়া নিদ্ৰা হৰিছে কাজিৰঙা বন বিভাগৰ। কিয়নো এইটো গঁড় হত্যাৰ প্ৰতিবেদন দাখিল কৰিব লাগে ভাৰত চৰকাৰক। বাগৰি ৰেঞ্জৰ পৰ্যটক প্ৰৱেশৰ মূল পথত ১৫ ডিচেম্বৰৰ পুৱা পৰ্যটকে প্ৰত্যক্ষ কৰিছিল খৰ্গবিহীন গঁড়টোৰ মৃতদেহ। গঁড় হত্যাৰ প্ৰতিবেদন দাখিল কৰিবলৈ গৈ কাজিৰঙা বন বিভাগে ৰচনা কৰা নাটকৰ বিস্ফোৰক তথ্য এইবাৰ ফাদিল কৰিলে কলিয়াবৰ আৰক্ষীয়ে। আখতাৰ আলিক বন বিভাগে জখলাবন্ধা আৰক্ষীৰ সহযোগত ৮ মে তাৰিখে আটক কৰি বাগৰি ৰেঞ্জৰ লক আপত ৰাখি বন বিভাগে আখতাৰ আলিক শাৰিৰীক ভাবে প্ৰহাৰ কৰি ১৫ ডিচেম্বৰৰ গঁড় হত্যাৰ দায়িত্ব স্বীকাৰ কৰিবলৈ বাধ্য কৰোৱা হৈছিল। শাৰীৰিক শাস্তি সহ্য কৰিব নোৱাৰি আখতাৰ আলিয়ে কৌশলৰে ১৩ মে তাৰিখে পলায়ন কৰিছিল বন বিভাগৰ জিন্মাৰ পৰা। ইয়াৰ পাছতে ৪ জুনৰ নিশা কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে চামগুৰি থানা এলেকাৰ পৰা আটক কৰে আখতাৰ আলিক।
১৫ ডিচেম্বৰৰ গঁড় হত্যাৰ গোচৰত কাজিৰঙা বন বিভাগে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা চোৰাং চিকাৰী, ছাহিদুল, আন্নাৰ আৰু জিয়াৰুলৰ লগতে বন বিভাগৰ হাজোতৰ পৰা পলায়ন কৰা আখতাৰ আলিয়ে আৰক্ষীক দিয়া স্বীকাৰোক্তিত পোহৰলৈ আহিছে কাজিৰঙাৰ বাগৰি ৰেঞ্জ এলেকাৰ দেওপানী আৰু দুখু কেম্পৰ মাজত বান্দৰ খালত দুমাহ পূৰ্বে আন এটা গঁড় হত্যা সংঘটিত হোৱা ঘটনা। ছাহিদুল, আন্নাৰ, জিয়াৰুল আৰু আখতাৰৰ সৈতে ১১জনীয়া চোৰাং চিকাৰীৰ দলে গঁড় টো হত্যা কৰি খৰ্গ লৈ উধাও হোৱাৰ কথা স্বীকাৰ কৰিছে।
কলিয়াবৰ আৰক্ষী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰ যুটীয়া অভিযানত যোৱা ৯ মে'ত ধৃত গঁড় চিকাৰী আখতাৰ আলি কাজিৰঙাৰ বাগৰি স্থিত কাজিৰঙা বন বিভাগৰ পশ্চিম ৰেঞ্জৰ জিম্মাৰ পৰা পলায়ন কৰিছিল। পলায়ন কৰা চোৰাং চিকাৰীটোৰ বিৰুদ্ধে ২০১৮ বৰ্ষৰ ডিচেম্বৰ মাহত ভলুকাজান বন শিবিৰত গড়ঁ নিধনত জড়িত আছিল। ২০১৬ চনত উচ্ছেদ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বান্দৰডুবিৰ বাসিন্দা আছিল। শেহতীয়াকৈ ২৭ বছৰীয়া আখতাৰ আলি জখলাবন্ধাৰ গৰুবন্ধাত আছিল। মহাপয়োভৰৰে গঁড় চিকাৰী আটকৰ পিচত বন বিভাগৰ হাতৰ পৰাই দুধৰ্ষ গঁড় চিকাৰী আখতাৰ সন্দেহজন ভাবে পেলাই পলায়ন কৰাৰ পিচত আৰক্ষীক দিয়া বিস্ফোৰক স্বীকাৰোক্তিয়ে বন বিভাগক এক প্ৰকাৰ টোপনি হৰণ কৰিছে।Conclusion:visuals
bites sdpo, akhtar
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.