গোলাঘাট,7 জানুৱাৰীঃ গোলাঘাট জিলা সাহিত্য সভাৰ গৌৰৱোজ্জ্বল ইতিহাসত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হয় মহিলা সম্পাদক। ধনশিৰি মহকুমাৰ বৰপথাৰ শাখা সাহিত্য সভাৰ সভাপতি,বিশিষ্ট লেখক,কবি বন্তি বৰা বিনা প্ৰতিদ্বন্দিতাৰে সম্পাদক পদত নিৰ্বাচিত হয়। গোলাঘাট নগৰস্থিত সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক ভৱনত মঙলবাৰে এই নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হয় ৷
অসম সাহিত্য সভাৰ বিদেশ আৰু বহিঃৰাজ্য মৈত্ৰীবন্ধন উপ-সমিতিৰ আহ্বায়ক নুৰুল চুলতানৰ পৰ্যবেক্ষণত মুখ্য নিৰ্বাচনী বিষয়া তথা অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা,নিৰ্বাচনী বিষয়া চবিৰ শ্বাহ আৰু পাৰ্থজ্যোতি বৰাৰ তত্বাৱধানত ২০২০-২২ বৰ্ষৰ গোলাঘাট জিলা সাহিত্য সভাৰ সাংগঠনিক নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হয় ৷ ভোটগণনাৰ অন্ততঃ বৰ্তমানৰ জিলা সাহিত্য সভাৰ সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকাই আনুষ্ঠানিকভাৱে নৱ-নিৰ্বাচিত বিষয়ববীয়াৰ নামসমূহ ঘোষণা কৰে। সেই অনুসৰি সভাপতি পদ লাভ কৰে বিশিষ্ট লেখক,সাহিত্যিক,প্ৰবীণ সাংবাদিক পৱিত্ৰ বৰবৰাই ৷
উল্লেখ্য যে,পৱিত্ৰ বৰবৰাই গোলাঘাট জিলা সাহিত্য সভাৰ উপ-সভাপতি,সম্পাদক,জিলা প্ৰতিনিধিকে ধৰি বিভিন্ন পদৰ জৰিয়তে জাতীয় সংগঠনটোলৈ সেৱা আগবঢ়াই আহিছে । তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অসমীয়াত বিষয় শিক্ষকৰূপে অৱসৰ গ্ৰহণ কৰা বৰবৰাই সুদীৰ্ঘ ২০ বছৰ ধৰি সংবাদ সেৱা আগবঢ়াই আছিল। লগতে উপ-সভাপতিৰূপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তফজুল হ’ক বৰবৰা। মঙলবাৰে অনুষ্ঠিত ভোটগণনাত জিলাখনৰ শাখা সাহিত্য সভাসমূহৰ সভাপতি,সম্পাদক,জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকি সদ্য নিৰ্বাচিত বিষয়ববীয়া সকলক আদৰণি জনায় ৷
লগতে চাওকঃনিৰ্ভয়া কাণ্ডৰ 4 দোষীক ফাঁচীৰ নিৰ্দেশ দিল্লী আদালতৰ