ETV Bharat / state

শ্মশানৰ চাৰিবেৰৰ পকী দেৱাল নিৰ্মাণত দুৰ্নীতি

author img

By

Published : Jul 25, 2020, 9:13 PM IST

গোলাঘাট জিলাৰ চাৰিপুৰীয়া ৰাজহুৱা শ্মশান নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷

শ্মশানৰ চাৰিবেৰৰ পকী দেৱাল নিৰ্মাণত দুৰ্নীতি
শ্মশানৰ চাৰিবেৰৰ পকী দেৱাল নিৰ্মাণত দুৰ্নীতি

গোলাঘাট, 25 জুলাই : দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপিৰ চৰকাৰৰ দিনত এইখন অসমতে সংঘটিত হৈছে শ্মশান নিৰ্মাণৰ নামতো বিয়াগোম দুৰ্নীতি ৷ শ্মশানৰ চাৰিবেৰৰ পকী দেৱাল নিৰ্মাণৰ নামত ব্যাপক অনিয়ম আৰু নিম্নমানৰ সামগ্ৰী ব্যৱসাৰ কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

পঞ্চায়ত প্ৰতিনিধিয়ে এই অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত গোলাঘাটৰ চাৰিপুৰীয়া ৰাজহুৱা শ্মশান পকী দেৱাল নিৰ্মাণৰ বাবে আৱন্টন হৈছিল 7,37,500 টকা ৷ আৱন্টন লাভ কৰাৰ পিছত পকী দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ঠিকাদাৰে । কিন্তু আৰ্হি অনুসৰি দেৱাল নিৰ্মাণ নকৰাৰ লগতে অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উথাপন কৰিছে ৰাইজে ।

নিৰ্মাণকাৰ্য সমিতিৰ সভাপতি দিপক তেলেঙ্গা আৰু পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অনিয়মত জড়িত থকাৰ অভিযোগ ৰাইজৰ । স্থানীয় ৰাইজে সভা অনুষ্ঠিত কৰি নিৰ্মাণ সমিতিৰ সভাপতিক কেইবাবাৰো অভিযোগ দিয়াৰ পিছতো সভাপতিয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে । ৰাইজৰ দাবী অতি শীঘ্ৰে নিৰ্মাণ কৰা দেৱালখন ভাঙি নতুনকৈ উন্নত মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কৰক বুলি দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ ৰংপুৰ : য'ৰ পৰা আৰম্ভ হৈছিল বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.